আপুনি মানুহ ভাল পায় নে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, April 30, 2025

আপুনি মানুহ ভাল পায় নে

 


আপুনি মানুহ ভাল পায় নে


                                                আশা বৰা মন

                                                        নগাঁও


আপুনি মানুহ ভাল পায় নে!

জীৱন, গান, সপোন, কবিতা


উদ্বিগ্নতা বাঢ়ে নে জানিব

মানুহ ভালপোৱা মানুহৰ বুৰঞ্জী

কথাৰ আঁৰত থকা মানুহ,

ভিতৰৰ মানুহ


জাতি ধৰ্মক লৈ হৈ চৈ নঙলামুখ

তেজে তেজক পি খায়

চোতালে চোতালে বিয়লিৰ গান


মানুহ আপুনি ভাল পায় নে 

আপুনি কেতিয়াবা অনুভৱ কৰেনে !

হৃদয়ৰ উত্তাপ

তলসৰা বিষাদ

ঠেৰেঙা শীতৰ ধাৰ

কেতিয়াবা নিজক প্ৰশ্ন কৰেনে

আপুনি এগৰাকী প্ৰকৃত মানুহ হয়নে ?


মানুহ জুই হৈ জ্বলে

পানী হৈ বয়

দুখ যন্ত্ৰণাত কোঙা হৈ পৰে

আৰু এদিন মৰাশ হৈ পৰে


সপোন দেখেনে আপুনি !

শুনা পায়নে অমৃত কথা 

কিম্বা জী থাকিও মৃত মানুহৰ নিৰৱ উচুপনি


কেতিয়াবা কোনো কথাত বিদ্ৰোহী হ’বলৈ মন যায়নে!

হে প্ৰিয় পাঠক

পঢ়িব মন যায় নে ওলোটাকৈ নেওঁতাখন

লিখিব মন যায়নে !

এখন চিঠি

শিয়াল হোৱা মানুহৰ কথা


শুনিব মন যায়নে !

দুপৰ ৰাতি নদীৰ কেঁকনি 

আপুনি সচাঁই মানুহ ভাল পায় নে ! 


কেতিয়াবা উপলব্ধি কৰেনে !

মানুহৰ চেতনা, ব্যাকুলতা, উদ্বিগ্নতা


কেতিয়াবা ৰৈ থাকেনে ! 

অথবা দিব মন যায়নে

সমাজক এটা শুভবাৰ্তা !


আপুনি মানুহ ভাল পায় নে !


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages