আশ্চৰ্য্য
মূল বাংলা কবিঃ শুভ দাসগুপ্ত
তৰ্জমাঃ ড° ইকবাল হোচেইন খান
দুখীয়া মানুহৰ একো নাই, ভগৱান আছে।
ধনী মানুহৰ সকলো আছে, চয়তানো আছে।
দুখীয়া মানুহৰ নিমিলে অন্ন, ফটা কাপোৰ, তথাপিও ভগৱান আছে।
কালী দুৰ্গা আল্লাহ গুৰু যীশু।
ধনী মানুহৰ দামী দামী গাড়ী, দামী দামী ঘৰ-বাৰী, ভিতৰত চয়তান আছে।
ৰেচ, জুৱা, দুঃচিন্তা, বহুমূত্ৰ ৰোগ, উচ্চ ৰক্ত চাপ, আদালত, মামলা।
দুখীয়া মানুহৰ ট্ৰাম গাড়ী, মটৰ গাড়ী।
ধনী মানুহৰ টাটা-চিয়েৰা।
দুখীয়া মানুহৰ ডেলহাউচিৰ পথ, হোটেল
ধনী মানুহৰ তাজ বেংগল।
দুখীয়া মানুহৰ কুৎচিত ক'লা বৰণীয়া তিৰোতা, হালদীয়া দাঁত
ধনী মানুহৰ ঘৰে ঘৰে সুন্দৰী সুন্দৰী তিৰোতা যেন ঐশ্বৰ্যৰায়।
দুখীয়া মানুহ বাচন-বৰ্তন পৰিষ্কাৰ কৰে, কাপোৰ ধোৱে, থালৰ অৱশিষ্ট বস্তু খায়
ধনী মানুহ ৰাজনীতি কৰে, আইন ৰচনা কৰে, আইন ভাঙে।
সূৰ্যৰ তাপ বাঢ়িলে
দুখীয়া মানুহৰ ছাঁ দীঘলৰ পৰা দীঘল হৈ আহে,
সাগৰৰ পৰা হিমালয় পৰ্যন্ত ভাৰতবৰ্ষক অন্ধকাৰে আৱৰি ৰাখে।
ধনীবোৰে সেই বিস্তৃত অন্ধকাৰত মুখ লুকাই
দামী দামী বাদ্যযন্ত্ৰৰে শাস্ত্ৰীয় গান ৰিয়াজ কৰে, গান শুনে।
আৰু অলপ অলপ কৰি বিদেশী পানীয় পান কৰে।
এইবোৰ নতুন কথা নহয়। সকলোৱে জানে। সকলোৱে বুজে।
তথাপিও পৃথিৱীৰ সমস্ত দুখীয়া মানুহ
এবাৰ হলেও ধনী হ’ব খোজে।
Doksiri দকচিৰি, মে, ২০২৫


No comments:
Post a Comment