তুমি এচপৰা শুকুলা মেঘ
ৰুদ্ৰ সিংহ মটক
অম্বিকাগিৰি নগৰ, গুৱাহাটী
নদী নহয়, তুমি মাটিত থমকি ৰোৱা
এচপৰা শুকুলা মেঘ
আকাশৰ বাট কেনি তোমাক নক’লোঁ
তুমি উচুপিছিলা বাটৰ দাঁতিত
ভগা চিঁচাবোৰে বুকুত বিন্ধিছিল নেকি এবাৰো নুসুধিলো
তুমি ভোকত ছটফটাইছিলা
ভাত এগৰাহমানৰ কথা নেভাবিলো কোনোদিন
ৰুটিৰ দৰে ঘূৰণীয়া জোনটোলৈ চাই চাই তুমি টোপনি গ’লা প্লেটফৰ্মত
ঠৈটুৱৈ-ধৰা শীতৰ ৰাতিও তোমাক নজগালো
অসম্ভৱ খীণাইছিলা তুমি
অসুখ নে কি এবাৰো নুসুধিলোঁ
দুৱাৰ খুলি ক’ৰবালে গুচি গ’লা মাজৰাতি
তিলমানো উদ্বিগ্ন নহ’লো বিচাৰি নগ’লো তোমাক
তুমি আজি স্মাৰ্ট চিটিৰ নিশাৰ জোন
নে ফুটপাথৰ কবিতা
কোনে জানো ক’লে দীপ্ত স্বৰত —
তুমি বেশ্যা নহয় তুমি পতিতা নহয়
তুমি মোৰ পৃথিৱীৰ প্ৰিয় নাৰী-অৰ্ধাকাশ
আমি মেলি দিয়া এন্ধাৰত তুমি তিলতিলকৈ
হেৰুৱালা জীৱনৰ ৰ’দ
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment