এটা বিন্দুক কেন্দ্ৰ কৰি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 6, 2025

এটা বিন্দুক কেন্দ্ৰ কৰি

 


এটা বিন্দুক কেন্দ্ৰ কৰি 


                                                পৱন বৰ্মন 


          (১)


কিমান মৰা মানুহৰ

লগত কথা হওঁ! 


তাৰ পাছত গাটো নোধোও 


মোক লগ পোৱাবোৰে ধোৱেনে? 


   (২)


ঘৰ সাজোঁ

ভাত ৰান্ধোঁ

কথা পাতোঁ.... 


কেতিয়াবা জী উঠোঁ আৰু 

জীয়াই নথকা মানুহক মনত পেলাই কান্দোঁ


     (৩)


মোক মাৰি থকা 

পোকবোৰকো নামাৰোঁ


ভগাই দিওঁ


       (৪)


হাঁহি এটা ধাৰলৈ লওঁ 


সকলো শেষ হোৱাৰ পাছত 

কান্ধত কঢ়িয়াই ফুৰোঁ সাতটাকৈ গাধ


      (৫) 


একুৰা জুইৰ আগত


এটা 

চগা


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages