অইনিঃতমৰ দেশ
প্ৰবীণ কুমাৰ মিলি
খণ্ড - ৬
আজি ৰাতিপুৱাতে নাতিটোৰ লগত ব্ৰক্ষ্মপুত্ৰ নদীত উমলি-জামলি যি স্বৰ্গীয় অনুভূতি লাভ কৰিলে, এই অনুভূতিৰ সুকীয়া মৰ্যাদাই মাৰকালিৰ মনত অজস্ৰ নতুন কল্লোল তুলি ধৰিলে। যি মাৰকালিৰ মন-মগজুৱে কোনোদিন বিশ্লেষণ কৰি উন্মুক্ত কৰিব নোৱাৰিব! তেওঁৰ জীৱনৰ কাহিলি পুৱাতে শৈশৱৰ সকলোবোৰ ৰূপ-ৰং একপ্ৰকাৰ তচনচ হৈ গৈছিল! বহুদিনৰ মূৰত নৈখনৰ নৈসৰ্গিক ৰূপৰ ছন্দে ছন্দে ঠিক যেন অৱসৰ বিনোদনৰ পৰা ঘূৰি আহি খাই-বৈ দুপৰীয়া বেলা বিচনাত পৰি অলপ আৰাম কৰোঁ বুলি দীঘল দি পৰিছিলেহে, হেজাৰ হেজাৰ ডুখৰীয়া ছৱিয়ে তেওঁক জুমুৰি দি ধৰিলে। এদিনৰ কথা- প্ৰখৰ ৰ’দ। খুঁটিৰ পৰা নাতি দূৰত ঘাঁহ খাই চৰি থকা ম'হবোৰে ডেইপুৰা ৰ’দ সহিব নোৱাৰি একপ্ৰকাৰ দৌৰি যোৱাদি গৈ এটা এটাকে কুলু কুলুকৈ বৈ থকা ব্ৰক্ষ্মপুত্ৰৰ দ’ বুকুত জঁপিয়াই নামি দেহ শীতল কৰিব ধৰিলে। সেই দৃশ্যৰ অপূৰ্ব কায়দাত মোহিত হৈ তেওঁ নিজেও নিজান-নিতাল ভয়লগা দুপৰৰ বাধা নেওচি পানীত জাঁপ মাৰি শীতল হ'ব খুজিলে। ঠিক তেনেতে কেনেকৈ জানো শীতল পানীত সাঁতুৰি-নাদুৰি থাকোঁতে হঠাৎ এই ব্ৰক্ষ্মপুত্ৰৰ প্ৰৱল সোঁতত বিলীন হোৱা মাক-দেউতাকলৈ খুব মনত পৰিল। তেওঁৰ মনলৈ সৰ্পিল গতিত কাবান এটি কুণ্ডলী পকাই উৰি
আহিল।-
নাঃনে বুলুনা, বাঃবু বুলুনা
কুমদাং দেঅৃৰ পংকৃৰ বচুলা
মেঃব ঙম অগলগ অতাগানেনা।
কিঃতে কিঃপমেম য়মদঃ তাগলা
দেকি মমাঙেম দেঙ তাগলানা
নাঃনে বৃ মেঃব ঙম অতাগানে না।
নাঃনে বৃ অগলক অদাগ দলনা
নাঃনে বৃ অগলগ অমুৰ তনেয়া
নাঃনেবৃ গাগনামদেম চঃলাগ গাগনামদেম
নাঃনেবৃ গাগমুৰ তনেয়া।
উক্ত কাবান ফাঁকিৰ অন্তত মাৰকালিয়ে সঁচা-সঁচিকৈ মনৰ আৱেগ ধৰি ৰাখিব নোৱাৰি ৰাউচি জুৰি কান্দিব ধৰিলে। তেওঁৰ এই হিয়াভঙা কান্দোন শুনি চাপৰিৰ খেৰণিবোৰত খেৰ কাটি থকা এজাক বোৱাৰী দৌৰি আহিল। ভয়ত বিতত হৈ তেওঁলোকে নৈ সিপাৰত কান্দি থকা মাৰকালিক ইপাৰৰ গৰাৰ পৰা চিঞৰি সুধিলে-
‘কোন অ, কি হ’ল ? কেলেই কান্দিছ ঐ ?’
‘সেয়া দেখোন মাকিল! এজনীয়ে আৰ্তস্বৰে চিঞৰি ক’লে।
এতিয়া মাৰকালিৰ দুখ-বেদনা আৰু লাজত জীউ যোৱা অৱস্থা। ধেমালিৰ পৰা তেওঁৰ অবুজ মনে যি U টাৰ্ণ মাৰিলে ইয়াৰ প্ৰকৃত সঁচা ব্যাখ্যা তেওঁৰ হাতত নাই। কি বুলি উত্তৰ দিব! পুনৰ বোৱাৰী জাকৰ এজনী, তেওঁৰ দূৰসম্পৰ্কীয় পেহীয়ে চিঞৰি সুধিলে-
‘মাকিল ঐ (মাৰকালিৰ ঘৰুৱা নাম) তই গুচি আহ, তেনেকৈ কিয়নো কান্দি আছ্ ! সাপে-চাপে খুৃঁটিলে নেকি?’ - পেহীয়ে শংকাতে জোৰে জোৰে ৰাউচি জুৰিব ধৰিলে।
তেওঁ একো উত্তৰ নিদি সাঁতুৰি ইপাৰলৈ আহিল। তেওঁ সাঁতুৰি সাঁতুৰি যেতিয়া গৰাত উঠিল, লগে লগেই পেহীয়ে হাতে-ভৰিয়ে পিটিকি-মোহাৰি ক’ত কি হ’ল তন্ন-তন্নকৈ চাব ধৰিলে। সি কিংকৰ্তব্যবিমূঢ় হৈ পৰিল। তাৰ মনত পুঞ্জীভূত হৈ থকা অতীত কাহিনীৰ যে আজি মহা বিস্ফোৰণ ঘটিল কেনেকৈ পেহীহঁতক ক’ব? তথাপি মৰসাহ কৰি সি ক’লে-
‘নাঃঞি, মোৰ একো হোৱা নাই ।’
‘তেন্তে তই এনেই ইমান কৰুণভাৱে কান্দিলি?’
‘নহয়, নাঃঞি মই বেজাৰতে কান্দিলো।’
‘কিয়, কিহৰ বেজাৰত ? পেহীৰ কথাত মাৰকালিয়ে চকু চলচলীয়া কৰি নৈখনলৈ আঙুলিয়াই দেখুৱাই ক’লে-
‘এই নৈখনে মোৰ মা-দেউতাৰ প্ৰাণ কাঢ়ি নিলে।
ইয়াত সাঁতুৰি ফুৰোঁতে কথাটো মোৰ মনলৈ
হুৰাহুৰিকৈ আহিল। গতিকে, হেঁপাহ পলুৱাই
কান্দিলোঁ, পেহী।’ মাৰকালিৰ কৰুণ গাঁথাৰ কথা সোঁৱৰাই দিয়াৰ তৎমুৰ্হূততেই সৰ্বদা ঠুনুকা হৃদয় এটা লৈ ফুৰা এম্লা পেহী কান্দোনত ভাঙি পৰিল। যেনে-তেনেহে লগৰ বোৱাৰীবোৰে বিভিন্ন ধৰণে ভালৰি বুলাই পেহীক আঁতৰাই নিলে। ঠিক তেনে মুহূৰ্তত বেৰত বগোৱাই বাই থকা জেঠীটোৱে টিকটিকাই দিলে। তৎক্ষণাত, সচকিত হৈ মাৰকালি স্মৃতিৰ অতল গহ্বৰৰ পৰা অগা-পিছাকৈ ওলাই আহিল। কঁকালত অলপ ঢিলা হৈ থকা ধুতিখন তেওঁ ভালকৈ পিন্ধি, এনেয়ে গালখন মোহাৰি লৈ সৰু বোৱাৰীক মিহি জোৰে চিঞৰি ক’লে-
“সৰু বোৱাৰী, মিগম উঠিলেনে?’
‘উঠা নাই।’ বোৱাৰীয়ে ৰুমৰ পৰাই ক’লে।
‘বেচেৰাই আজি বালিত খোজকাঢ়ি বৰকৈ ভাগৰ
পৰিছে । বাৰু শুব দিয়া।’ মাৰকালি কোঠালিৰ পৰা ওলাই আহি পিছবাৰীলৈকে যায়। বাৰীত এতিয়াও চিংগালিবোৰ সঁজাল ধৰি আছে। লিগাঙত সিজাঁবলৈ বেছি খান্দিব লগীয়া নহ'ল কিজানি। দেখাতে বহুত ‘আঅৃ’ হ’ব যেন লাগে। ইফালে মিঠা আলু, কাঠ আলু, কামৰালি আদিবোৰ আছেই। কি যে ভীষণ ‘কামিয়াল’ মানুহ কাম্পতি। একপ্ৰকাৰ বৰ্ণনাতীত। মাৰকালিয়ে মনতে ভাৱে- চোতালে-বাৰীয়ে সৌন্দৰ্যৰ আকৰ যেন মোৰ ঘৰ। যিটো সচৰাচৰে মিচিং গাঁৱত প্ৰত্যক্ষ কৰা নহয়। অৱশ্যে, আজিকালি ক্ৰমাৎ গাঁওবোৰ সলনি হ’ল। আগৰ দৰে বনৰীয়া স্বভাৱ নাই। চৰাই মাৰি, শিয়াল-বোন্দা খেদি সময় নষ্ট কৰাৰ দিন কাৰো নাই। এতিয়া ঘৰে-পৰে প্ৰতিযোগিতা। কাৰ ল'ৰা কোন স্কুলত পঢ়িছে! কাৰ ল'ৰাই টেট পাচ কৰিলে, কাৰ ল'ৰাই পুলিচৰ চাকৰি পালে, কাৰ ছোৱালীয়ে গুৱাহাটীত APSC কৰ্চ কৰি আছে, এয়াই যেন লক্ষ্য, এয়াই যেন উদ্দেশ্য। হ’বৰে কথা, যিহে আকাশ স্পৰ্শ কৰাৰ দিন আহিল। অন্যথা, কেঁচু-কুমতিৰ সমানো মান ৰক্ষা নপৰিব। আজিৰ ডিজিটেল ইণ্ডিয়াত জীৱন আপোনা-আপুনি ‘ককচি’ হ’ব।
অলেখ ভাৱনাই মাৰকালিক জুমুৰি দি ধৰিব খোজোতেই কাম্পতিয়ে ঐপুলিক লৈ অহা দৃষ্টিগোচৰ হ'ল। ঐপুলি এক অসীম সাহসৰ প্ৰতিভূ। তেতিয়াও, এতিয়াও। গামৰ জীয়েকে সাধাৰণ ল’ৰাৰ লগত বিয়া হৈছে। অথচ, হেজাৰ প্ৰশ্নই বিচলিত কৰিব নোৱাৰা মন এটাৰে বৰ্তমান তেওঁ মাটি হাকিমৰ দৰে চাকৰি কৰি গাঁওখনৰ মান-সন্মান উচ্চশিখৰত প্ৰতিষ্ঠা কৰা উপৰিও একান্তই এজনী আদৰ্শ নাৰী আৰু সকলোৰে পথপ্ৰদৰ্শক হিচাপে অতুলনীয় । ঐপুলিৰ দুঃসাহসতে মই কাম্পতিক বিয়া পাতিব পাৰিলো। অৱশ্যে দুয়োগৰাকীৰে সাহস আৰু ক্ষমতা প্ৰৱল আছিল। যাৰ বাবে দাংকাচি বুলি দুয়োৰে বদনাম ৰৈ বৈ গৈছিল। এনে চৰিত্ৰৰ দুগৰাকী নাৰী ফাগুনৰ লৃগাঙত আজি মিলিত হৈছে, কি’বা হয়? অবুজ মন এটা লৈ দৌৰি যোৱাদি মাৰকালিয়ে সিহঁতৰ ওচৰলৈ খৰদৰকৈ গুচি আহিল।
শব্দাৰ্থঃ- আঅৃ- ফল, চিংগালি- শিমলু আলু, ককচি- এৰেহাপাত, দাংকাচি- দাংকাতি ।
ক্ৰমশঃ….
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment