পৰিস্থিতি
আগমনি ফুকন শইকীয়া
মুম্বাই, মহাৰাষ্ট্ৰ
১)
কেতিয়াও নোকোৱা কথাবোৰ শুনিবলৈ
কোনোবা এজন লাগে
পথাৰত ঘাঁহ খাই থকা গৰুজনীয়ে
মূৰ জোকাৰি ক’লে,
এতিয়া মোৰ ওচৰলৈ নাহিবা।
২)
ভৰিৰ গচকত
দূবৰি মৰিছে
কাইলৈ দেৱীৰ আগত দিবলৈ
দূবৰি বা কোনে ৰুইছে ?
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment