নিৰাময়
বিশ্বজিৎ শইকীয়া
কাৰ্বি আংলং
শ্বিলিঙত ওলমি থকা গাওঁখনলৈ
এইবেলি কুলিৰ মাতত নাহিল বহাগ,
কাউৰীৰ মাতত আহিছিল এপাল মেহমান।
আমি তেওঁলোকৰ কথা বুজা নাছিলোঁ
সিহঁতৰ কথাবোৰ কোলাহলৰ দৰে সৰকি গৈছিল
কাণেৰে আমাৰ মগজুলৈ,
আমি মৌন হৈ থাকিলোঁ
আমাৰ জিভাত নুফুটা হ'ল মাত
আই তই কেনেকৈ জুৰিবি এইবেলি বিহুৰ যোজনা
ক’ত থাপিবি থাপনা
তোৰ শাকনিত নগজিল পালেং-বাবৰি-লাই
কলাপাতত মেৰিয়াই এঙাৰ সেকিবি
কঁকাল ভগা মানুহ এটাৰ দৰে
আমাৰ গাঁওখন শুই থাকিল
চকুহাল নজপোৱাকৈ….
কাঁইটীয়া সূতাৰে বান্ধিছে সান্তনাৰ বান্ধ
গাওঁখনৰ ভোক লাগিছে
ভোকাতুৰ গাওঁখনৰ মঙহ খহি হাড় উলাইছে
সিহঁতক খাবলৈ দিয়া হৈছে শিল
কেনেকৈ হজম কৰে বঞ্চনা,
মায়াঙৰ বেজ এটা বিচাৰি উলিওৱা
কঁকাল ভগা গাঁওখনৰ হাড় জোৰা দিব পৰাকৈ।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment