চিলেক্ট-কপি-পেষ্ট - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 6, 2025

চিলেক্ট-কপি-পেষ্ট

 


চিলেক্ট-কপি-পেষ্ট


                               ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী


খোলটো সাৱটি কাঠিৰ চুকত বহি থকা নিৰঞ্জন বৰবাপুৰচোন পানীত জুই লাগিল। কি হ’ল বা?

বৰভুতে পোৱা মানুহৰ দৰে অতপৰে খোলটো বজালে৷ ভাগৰি জুগৰি বহি পৰিল। ভোৰভোৰাই নাতিয়েকক বকি আছে।

বৰবাপু বৰবায়নৰ ডাকনাম। বৰবায়নে যেতিয়া সাজযোৰা পিন্ধি ভাওনাৰ ধেমালি আৰম্ভ কৰে যেন দিঠকৰ শিৰোমণি হে।

মুদ্ৰাই চাবা নে চেওকেই চাবা?

নাতিয়েকক খোলটো শিকিব কুটুৰিলে৷ নাই! অলপো কান সাৰ নাই। লেপটপত চিলেক্ট-কপি-পেষ্ট মৰাত ব্যস্ত।

আঘোণাকাইটিয়ে আগবাঢ়ি আহি বৰবায়নক মাত দিলে।

বোলো বৰবাপু! হ’লনো কি?

হ’বৰ আকৌ কিটো আছে?

সাতামপুৰুষীয়া বৰবায়নৰ ভিঠা উছন যোৱাৰ উপক্ৰম হৈছে।

বৰবায়নৰ বাব মোতেই শেষ হ’ব।

বাপেকক নোৱাৰিলোঁ।

বোলো নাতিটোৱে খোলটো ডাঙক।

গুৰুজনাৰ পৰম্পৰা শতিকালৈ প্ৰবাহিত হওক।

তেওঁৰ খোলটোলৈ মতিগতি নাই।

জাতিটো এনেকৈ চিলেক্ট কপি পেষ্ট মাৰোতেই শেষ হ’ব।

সিহঁতেটো গমা নাই যে জাতিৰ অস্তিত্ব গুগলে কিম্বা চিলেক্ট-কপি-পেষ্টে ধৰি ৰাখিব নোৱাৰিব…


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages