নতুন অধ্যায়
মফিজুদ্দিন চৌধুৰী
নগাঁও
অৱসৰ লোৱাৰ পাঁচ মাহমান হ’ল। ইয়াৰ পাছতে হেনো আচল জীৱন আৰম্ভ হয়। কাৰোবাৰ সুখৰ আৰু কাৰোবাৰ দুখৰ। কাৰোবাৰ স্বাস্থ্য উঠি আহে আৰু কাৰোবাৰ পৰি আহে।
এমাহ মান ধৰি মোৰ সোঁ হাতখনত বিষ। লৰচৰ কৰাৰ অকণমান খেলিমেলি হলেই চিৰিংকৈ মাৰে। ঘৰত অভিযোগ― “অতিমাত্ৰা মোবাইল চাই চাইয়ে তেনেকুৱা হৈছে।”
‘আমাজন’ৰ পৰা ডাঙৰ এডাল মোবাইল ষ্ট্যাণ্ড অনাই ল'লোঁ―যাতে হাতে কষ্ট নাপায়।
এতিয়া আকৌ তিনিদিনমান ধৰি বাঁও কাণখন তাল মাৰি আছে। সেইখনেৰে একো শুনা নাপাওঁ।
পুনৰ অভিযোগ―”দিনে-ৰাতিয়ে এয়াৰ ফোনডাল কাণত লগাই থবলৈ ইমান মানা কৰোঁ, ক'ত মোৰ কথা শুনে! এতিয়া দেখিলে নহয়!”
কথাষাৰ কৈ থাকোতেই মানুহজনীৰ চকু দুটা চলচলীয়া হৈ আহিল।
‘ক’তনো দিনে-ৰাতিয়ে লগাওঁ, গধূলিৰ পৰা ৰাতি শুৱালৈকেহে অকণমান...।’ ফুটাই নক’লোঁ।
কি কৰিম―এটা সমস্যা সমাধান কৰিলেই আৰু এটাই উক দি উঠে। ভাবিলোঁ―এবাৰ চেক্আপ্ এটাকে কৰাই চাওঁ।
ডাক্টৰে চাই চিতি ক’লে―
“কাণ পৰিষ্কাৰ, একো বেমাৰ নাই। নাৰ্ভবোৰ অলপ উইক্ হোৱাৰ বাবেও হ’ব পাৰে। তথাপি আপুনি অ'ডিওমেট্ৰি এটা কৰাই লওক। ৰিপৰ্ট্ চাইহে ঔষধ দিম।”
লেবৰটৰীলৈ গ’লোঁ।
টেকনিচিয়ানে অ'ডিওগ্ৰামৰ লগত সংযুক্ত এয়াৰফোন এটা কাণত লগাই দি বুটাম কেইটামান টিপিলে। ‘পে-পু’ শ্ৰেণীৰ শব্দ কিছুমান হ’ল। তেওঁৰ প্ৰশ্ন অনুসৰি মই উত্তৰ দি গ’লোঁ।
ৰিপৰ্ট্ দিলে। ক’লে― “আপোনাৰ বাঁও কাণৰ কেপাচিটি কমি গৈছে।”
তাৰ মানে বাওঁ কাণেৰে কম শুনো। সেইটো মই আগতেই জানো। জানো বাবেই তো তালৈ গৈছোঁ! সেই কথাষাৰ কবলৈকে মিচিনটোৰ কি প্ৰয়োজন?
থিয় হ’ব ধৰোতেই ক’লে― “৪০০ টকা এটা দিয়ক।”
জনা কথাটো পুনৰ জনাই দিয়াৰ মূল্য ৪০০ টকা!
ৰিপৰ্ট্ লৈ পুনৰ ডাক্তৰক লগ ধৰিলোঁ। তেখেতে ৰিপৰ্ট্ চাই কাণখন আকৌ এবাৰ পৰীক্ষা কৰিলে।
“চৰ্দি-তৰ্দি হৈছিল নেকি?” তেখেতৰ প্ৰশ্ন।
“নাই হোৱা। কিন্তু কেতিয়াবা কেতিয়াবা ৰাতি ফেনৰ বতাহত নাক বন্ধ হৈ যায়। ওশাহ লবলৈ কষ্ট হয়।”
“ঠিক আছে, মই চৰ্দি আৰু নাৰ্ভ্ দুয়োটা মিলাই পোন্ধৰ দিন মানৰ বাবে ঔষধ দি দিছোঁ। খাই চাওক, কি হয়। তাৰ পিছত আকৌ দেখা কৰিব।”
মই কেবিনৰ পৰা ওলাই আহিলোঁ।
ফাৰ্মাচীয়ে পাঁচবিধমান ঔষধ দি ক’লে― “১১০০ টকা এটা দিয়ক।”
মই টকা দি ওলাই আহিলোঁ।
বুজিলোঁ― জীৱন নামৰ পুথিখনিৰ চাকৰি কালৰ অধ্যায়টোৱেই আশীৰ্বাদ স্বৰূপ আছিল। কৰ্মৰ খাতিৰত সদায় ব্যস্ত হৈ আছিলোঁ। বাহিৰা একো বস্তুৰ সৈতে তেনেকৈ সম্পৰ্ক হোৱা নাছিল। এতিয়া এক নতুন অধ্যায়ৰ সংযোজন হ’ল। এনেই ঘৰতে বহি বহি দিন কটাব লাগিব। কিছুমান নতুন আলহীয়ে আহি সংগ দিব আৰু সিহঁতৰ আপ্যায়নত মই বাকীচোৱা কাল পাৰ কৰি দিব লাগিব! দেখা যাওক কি হয়!
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment