বিহুৰে বিৰিণা পাত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, April 30, 2025

বিহুৰে বিৰিণা পাত

 


বিহুৰে বিৰিণা পাত


ইনু দও


   সমখন হ’ল বিভিন্ন জাতি জনজাতিৰ মিলনৰ তীৰ্থ ভূমি। বিহু অসমীয়াৰ জাতীয় উৎসৱ। এই বিহু অসমৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ জন সাধাৰণকে স্পৰ্শ কৰি যোৱা জাতীয় উৎসৱ। চ’ত সোমোৱাৰ লগে লগে ধৰা লৈ বসন্ত নামি আহে। বসন্ত ঋতুৱে কঢ়িয়াই আনে বিহুৰ বতৰা। সেয়েহে বিহু নামত গাইছে —

   চ’তে গৈয়ে গৈয়ে  

            বহাগে পালেহি

  ফুলিলে ভেবেলি লতা

            কৈনো কৈ থাকোতে

ওৰকে নপৰে

          আমাৰে বিহুৰে কথা। 

   কিন্তু আজি কালি বৰদৈচিলা জনীও হাঁহি মাতি নহা হ’ল। কিবা ঠেহ পেচেই লাগিল নেকি আক’। তাই আহিলেও বিপদ। যিহে খং তাইৰ, খঙৰ ভমকত সকলো মোহাৰী পেলায়। কুলিজনীৰো দেখোন বৰ ভেম হৈছে। আজি কালি বৰকৈ নামাতেই। কেতেকীৰ মাত তো শুনিবলৈকে নাই। অৱশ্যে এটা কথা হৈছে, গাঁৱে-ভূঞে, চহৰে-নগৰে, গছ-গছনি বিলাকো কাতি টহিলং কৰিছে নহয়। চাৰিওফালে পকী ঘৰ পকী ৰাষ্টা বনোৱা নামত গছ গছনি নাইকীয়াই হৈছে। লাহে লাহে বতাহ বৰষুণো কমি আহিছে। মানুহৰ লগতে প্ৰকৃতিৰো ৰূপ সলনি হৈছে। আগৰ গাঁও এৰি চহৰলৈ ৰূপান্তৰ হৈছে। চহৰীয়া বতাহ জাকে গাওঁবোৰকো বাৰুকৈয়ে কোবাই। শ্ৰদ্ধা, মৰম-চেনেহবোৰ আগৰ দৰে নোহোৱা হ’ল। একতাৰ এনাজৰীডালো দেখোন ঢিলা হৈ পৰিছে। তাহানি বিহুলৈ এমাহ থকাৰ আগৰে পৰা গাওঁবিলাকত ঢোল পেঁপা গগণাৰে ৰজন জনাই থাকে – বোলো “ইফালে ঢোলৰ মাত, সিফালে পেঁপাৰ মাত”। আজি কালি গাওঁত ঢোল পেঁপাৰ মাত শুনিবলৈ নোহোৱা হ’ল। গাওঁত বিহুৰ চিৰা, পিঠা, সান্দ খুন্দা ঢেঁকীৰ মাতে দলদোপ হেন্দোলোপ হৈ থাকে। 

     এতিয়া সেই দিন আৰু নাই। বজাৰৰ চিৰা পিঠাই বিহু পাতিব লগা হৈছে। শিপিনিৰ মাকোৰ গৰকাৰ খিতখিতনিত “বহোঁ তাঁতৰ পাতত , চকু আলি বাটত” গাবলৈও শিপিনি নাইকীয়া হ’ল।

   চেনেহৰ বিহুৱানখন আপোনজনক দিবলৈও বজাৰৰ পৰা আনিব লগা হ’ল। 

    গৰু বিহুৰ দিনা গৰু নুৱাবলৈ গোহালীত গৰু নাইকীয়া হ’ল। গোহালিৰ চিনচাবেই নোহোৱা হ’ল। গৰু আৰু নাঙলৰ ঠাইত মাটি চহোৱা মৰণা মৰা মেছিন আহিল। দিন কালবোৰ তেনেই সলনি হ’ল। 

    বগৰী বাৰি গাওঁৰ কপাহী কিন্তু অলপ বেলেগ। তাই যেনে তেনে জোৰামাৰি তাঁত এজুতি লগাই তাইৰ মনৰ মানুহটোক দিহে এৰিলে। ওচৰতে থকা বৰজনাকো নিজে বোৱা গামোচা এখন দিলৈ সেৱা কৰিলে। কপাহীয়ে তাইৰ মৰম পোনাকণকো দিবলৈ নাপাহৰিলে গামোচাখন। কপাহীয়ে আনৰ কথা নাজানে। নিজৰ কৃষ্টিটো যদি নিজেই নাৰাখে কেনেকৈ হ’ব।

 ‌‌ কপাহীৰ আগৰ কথা মনত পৰে তাই গাভৰু হৈ থাকোতে বিহুলৈ এমাহ মান থকাৰ আগৰ পৰা গামোচা জুতিয়ে বৈছিল। গাৱঁৰ বহুতকে তাই বিহুৱান দিছিল। চিৰা, পিঠা খুন্দি গাৱঁৰে জীয়ৰীহঁতৰ লগত ৰগৰ কৰি হাঁহিত বাগৰি পৰিছিল। কি যে আনন্দৰ আছিল দিনবোৰ। বিহুৰ দিনাখন গাৱঁৰ জীয়ৰী মখা লগ হৈ গছৰ তলত বিহু মাৰিছিল। কিন্তু সময়ৰ লগে লগে দেখোন সকলো নোহোৱা হৈছে। আজি কালি সকলোৱে মঞ্চতহে বিহু পাতিবলৈ লৈছে। মঞ্চত বিহুৰ প্ৰতিযোগিতাই প্ৰতিযোগিতা। গাৱঁৰ দুই এযোৰা যি হুঁচৰি আছে তাকো আজিকালি নগৰলৈ ধাপলি মেলে। কপাহীৰ এইবিলাক দেখি অকণো ভাল নালাগে। দিনে দিনে দেশ কাল সলনি হৈছে। আমাৰ পোনাকণহঁত ডাঙৰ হোৱালৈকে কিনো হ’ব জানো। এইবিলাক কথা ভাৱিলে কিবাহে লাগে। তাতে আজিকালি বস্তুহে যি দাম। বজাৰলৈ হাজাৰ টকা লৈ গ’লেও একোকে নাহে দেখোন। এইবিলাক কথা ভাৱি থাকোতে সময়নো কিমান হ’ল কপাহীয়ে গমেই নাপালে। পোনাকণৰ মাততহে সম্বিত ঘুৰি আহিল। মা, মা মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়া”। “ৰবি পোনাকণ, মই হাওতকে তাঁত খন সামৰি লওঁ। লৰালৰিকৈ কপাহীয়ে তাঁত খন সামৰি পোনাকণৰ লগত ভিতৰলৈ সোমাাই গ’ল”।


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages