ইতিত হেমন্ত
জোনমণি দাস
(হেমন্ত ৰাজখোৱাৰ স্মৃতিত)
চিলিং ফেনত চীপ লৈ ওলমি আছিল
সি উভকামী আছিল
মৰণোত্তৰ পৰীক্ষাত সেই কথা ওলোৱা নাছিল
পাণশালাত সি মোক
গোপন কথাবোৰ কৈছিল,
কৈছিল– কিছুমান মানুহৰ
একোটা গোপন জীৱন থাকে।
মই কেৱল ভাবিছিলোঁঃ
কোনে মুকলি কৰিব পাৰে
বৃত্তবন্দী বতাহ!
প্ৰশ্নবোৰে মোক অহৰহ প্ৰশ্ন কৰিছিল
দিচাং চাপৰিত ৰৈ
ব্ৰহ্মপুত্ৰখন বুকুত কেঞ্চাৰৰ দৰে
কঢ়িয়াই ফুৰো বুলি কোৱা
কবিতা বেয়া পোৱা সেই ল’ৰাটো
চিলিং ফেনত ওলমি আছিল
সি মুক্তি পাইছিল নে পলাইছিল!
আত্মহত্যাৰ চাৰিদিন আগত
মটীয়া মাতটো মদত পখালি
ৰাতি বাৰ বজাত সি মোক ফোনত কৈছিলঃ
চবতকৈ বেছি ভালপালো জীৱনক
জীৱনে মোক কি দিলে! কেৱল দহন!
ছুইছাইড নোটত তাৰ আখৰবোৰ জিলিকি আছিলঃ
পৃথিৱীত কোনো শিশু
গোপন জীৱন লৈ নজন্মক
ইতিত হেমন্ত…
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment