চাকি
সঞ্জীৱ সাগৰ চৌধুৰী
এন্ধাৰ কুটি কুটি
বেথাৰ চাদৰত টাপলি মাৰি
সাৰে আছে জোনাকী এটি
আজি আঁউসী ৰাতি
তৰাবোৰক এৰি দি আকাশ
দুচকুত ডুব গ’ল জোন
কলিজাত সপোন
জিলীৰ চিঞৰটো মুঠিত খামুচি
পেটতে লুকুৱা মাতটো হুমুনিয়াহ হ’ল
হাততে হেৰুৱা কাহ হ’ল
বহু দাপোন এনেকৈয়ে ভাগিছে
বহু সপোনৰ ৰং এনেকৈয়ে হেৰাইছে
ধূসৰ হৈ পৰা ফাগুনৰ পথাৰৰ দৰে
গোটেই ৰাতি সাৰে থাকি
আজিও কোনোবাই
জ্বলাই ৰাখিছে শিতানৰ চাকি।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment