বিভাৱৰী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, April 30, 2025

বিভাৱৰী

 



বিভাৱৰী  


                 অৰ্চনা ঠাকুৰীয়া


যি দিশে বতাহ নবলে

সেই দিশত ৰঙা গোলাপ নুফুলে


হয়

এই দিশেৰেই এখনি নৈ বৈছে 

নৈৰ তলিত শিল আৰু শেলুৱৈৰ বিবাদ চলিছে 

জোনাক নিশা হ'লেই যেনিবা

বিৰহৰ অন্ত ক'ত


তামোলবোৰ পকি আছে

কিন্তু এটাও সৰা নাই

মায়া এৰাটো বৰ কঠিন


কাউৰীবোৰে ৰমলিয়াই

ফেঁচাৰ নিউ নিউ চিঞৰত সাৰ পায়

ৰাতিৰ আকাশ


এই দিশে নাহিবি কাউৰী 

তোৰ জীয়েৰাক ৰজাই নিলে

ফেঁচাজনী অ’ নিউ নিউ নকৰিবি তই

উৰুলি দে, উৰুলি দে

ৰজাৰ পুতেক আহিছে

লগত আনিছে নতুন কইনা


কাউৰীৰ জীয়েক, আজি ৰজাৰ বোৱাৰী

তাই আলাসতে পাই আকাশৰ জোন

ৰঙা গোলাপ নিছিনে 

ৰজাৰ পুতেকক সোধাই গোৰ 


এতিয়া সময়, বৰ গম্ভীৰ

আৰু ৰাতিবোৰ বিভাৱৰী


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages