কথানদী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, April 30, 2025

কথানদী

 


কথানদী


                  গায়ত্ৰী দেৱী বৰঠাকুৰ

                                   তেজপুৰ


কথানদীয়ে কথা কয়

কথানদী নদীৰ দৰে বয়


ভৰ বাৰিষা কথানদীৰ চোতালত 

জিলমিলাই এন্ধাৰত জিলিকা এজাক জোনাকী


লঠঙা শীতত শুকাই নাযায় কথানদী 

হেৰাই নাযায় উঠন বুকুৰ কাঞ্চনমতী হেঁপাহ 


সুঁতি সলাব নোৱাৰে কথানদীয়ে 

অথচ

পৰম্পৰাৰ নদীয়ে বান্ধি ৰাখিব নোৱাৰে 

কথানদীৰ উশাহ 


কথানদীৰ বুকুত জী থাকে 

হাজাৰ নদীৰ  

বিজাৰ এজাৰৰঙী কাহিনী


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages