বসন্ত ভাবনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, April 30, 2025

বসন্ত ভাবনা

 


বসন্ত ভাবনা


                        ড° বিজয়কৃষ্ণ দলে


কথাৰ আউল ভাঙি ভাঙি গৈ থকা সময়ে 

কেতিয়াবা ৰৈ ৰৈ ইনাই-বিনাই। 

সূতাৰ আউল ভাঙিবলৈ ভাল ঐ চেনাই 

কথাৰ আউল ভাঙিবলৈ টান।

পাতি থকা কথাবোৰ সহজ নহয় অ’ চেনাই 

পাতি থকা কথাবোৰ সহজ নহয়।

ভাবনাৰ বাট চিকুণাই থৈছো তোলৈ 

কথাৰ জুনুকা পিন্ধি আহিবি এদিন 

আহিবি কুঁহিপাত মন এটা লৈ-

দুয়ো ভগাই ল'ম জেতুকাৰঙী কথাবোৰ 

বসন্তৰ ৰ’দঘাই পুৱাত বহি 

উজানত উঠা গা-ভাৰী মাছবোৰৰ কথা পাতিম। 

কথা পাতিম আমৰলি বৰণ দিন-ৰাতিবোৰৰ।

কথা পাতিম গো-বাটত নকৈ গজা দূবৰিবোৰৰ।


বসন্তৰ ৰং লাগি ৰঙীণ হোৱা চেনাই ঐ 

তোৰ গাত বনৰীয়া ফুলৰ কেঁচা গোন্ধ 

তোৰ ওঁঠত বৰ্হমথুৰিৰ টিকটিকীয়া ৰং। 

কি খাই পাহৰিম তোকে ঐ চেনাই 

কি খাই পাহৰিম তোক।


বিহুনাম আৰু অই নিঃতমৰ সুৰত উপঙি থকা 

অ’ মোৰ ধুনীয়া গাঁও, 

যোৱাবেলিৰ বানত তই ডিঙিলৈকে তিতিছিলি।

এইবেলিও ফেনে-ফোটোকাৰে বাঢ়িব লুইত 

“তোৰ ঘৰ ইপাৰত মোৰ ঘৰ সিপাৰত” বুলি গাবলৈও ইপাৰ সিপাৰ একোকে নমনি।


ঠিকনাঃ

সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়, শুৱালকুছি, কামৰূপ (অসম)-৭৮১১০৩, ফোনঃ ৭৮৯৬৭৪৫৪৯৮


Doksiri দকচিৰি, মে, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages