সত্যঃ এক শুদ্ধ পথ
শতাব্দী শৰ্মা
আমোলাপট্ৰি, নগাঁও
সত্য এক তিক্ত অনুভৱ। সত্য শাশ্বত । সত্য এক বৃহৎ পৰিণাম। সত্য কেতিয়াও লুকাই নাথাকে। যিকোনো এটা কথা বা বিষয় গাপ দি ৰাখিব খুজিলেও ই সময়ৰ গতিত জোলোঙাৰ মেকুৰী ওলোৱাদি ওলাই পৰিবই। সত্যক বাধা দি বীৰত্ব প্ৰদৰ্শন কৰাৰ কোনো যুক্তি নাই। আনক দোষী প্ৰমাণ কৰিবলৈ নানা যুঁজ বাগৰ দি চিঞৰ বাখৰ কৰা মানুহেই আটাইতকৈ ডাঙৰ মিছাৰ আশ্ৰয় লয়। সঁচা কথাবোৰ তেওঁৰ বাবে বিহ। শেলে বিন্ধাদি বিন্ধে তেওঁক সঁচা কথাই! এটা মিছা কথাই শ শ মিছা কথাৰ জন্ম দিব পাৰে। সঁচা কথা ওলালে লাজ পোৱাৰ ভয়ত বহুতো মানুহে সত্যক গোপন কৰে, সত্যৰ বাট দেখুওৱা মানুহক দমন কৰিব খোজে। কিন্তু প্ৰত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে এদিন সত্যই তেওঁলোকক আহত কৰে মানসিকভাৱে। জীৱনত উন্নতি কৰা বহুজনে মিছা কথাৰ আশ্ৰয়েই লোৱা পৰিলক্ষিত হয়। আজিৰ সমাজত মানুহে ঠগ, প্ৰবঞ্চনাৰ আশ্ৰয় লৈ ভিতৰুৱাকৈ ভিন্ন কাম কৰি যায়। কেতিয়াবা ভাগ্য বেয়া হ’লে বিপদত পৰে , হাত সাৰিব নোৱাৰে কিন্তু বেছিসংখ্যক বাচি যায়।।সেয়ে মানুহে সত্য পথ লোৱা বা সজ কাম কৰাতকৈ ভেজাল বা মিছা পথবোৰ বেছিকৈ আয়ত্ব কৰে। ভাল আৰ্হিতকৈ বেয়া আৰ্হি বেছি লয়। নিজে লোৱাৰ উপৰিও আনকো পৰিচালনা কৰে। যিয়ে সমাজখন কলুষিত কৰিছে। সময় সলনি হ’লেও স্বভাৱ সলনি নোহোৱা মানুহেই পিছত ঠেকা খায়। সজ কাম, সত্য বচন প্ৰশংসাৰ যোগ্য। গতিকে সত্যক ভয় কৰাতকৈ মুখামুখি হোৱাটো জৰুৰী।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment