এদিন সাক্ষাৎ
ভাৰতী বসুমতাৰী
ধেমাজি
এদিন কোনোবা এটা বন্দৰত
তেওঁৰ স’তে হঠাৎ দেখা-দেখি হৈছিল।
পিন্ধনত এসাজ ভদ্ৰ পোছাক
এযোৰ বিলাসী জোতা
বাদামী চকুহাল একেই সজ্জল,
সুতীক্ষ্ণ।
চচমাৰ ফাঁকেৰে ফিৰিঙতিবোৰ পোন্ধৰ বছৰৰ আগৰ দৰেই উৰি আছিল
চিগাৰেটৰ অভ্যাসত
ওঁঠযুৰি ম্লান পৰিছে
দামী পাৰফিউমৰ সুগন্ধত
বন্দৰটো ব্যস্ত দেখিলোঁ
এবাৰ কৰমৰ্দন!
ওহোঁ!
মই মাথোঁ এখোজ আগুৱালো
তেওঁ দুখোজ পিছুৱালে
বুকুত সিদিনা নদীখন নাই
তেওঁ ঠিকেই বুজিলে।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:
Post a Comment