ইমান সোৱাদ লগাকৈ কোৱা
ভাৰতী বসুমতাৰী
ধেমাজি
কথাবোৰ তুমি ইমান সোৱাদ লগাকৈ কোৱা
পমি যাওঁ কেতিয়াবা
তিতাভৰা পৃষ্ঠা এখিলা
সকলোৰে থাকে জীৱনকালত
ইমানবোৰ ক’লা জিঞা উৰি গুচি গৈছে
ইমান এজাক মাছৰ কিৰীলি নামি গৈছে গভীৰলৈ
কিনো যায়
বিস্মৃতিৰ একোটাকৈ নীলা ঘোঁৰা
সকলোৰে থাকে
দুচকুত গজা হেনো সপোন বুকুতহে বাঢ়ে
তুমিয়ে কৈছিলা
তুমিয়েই কৈছিলা
ধোঁৱাবোৰ এন্ধাৰৰ স’তে একাত্ম হ’লেই সহজ হৈ পৰে সকলো কঠিনতা
সকলো কথা
কোৱাৰ বাবে নহয়
কিছু কথা যেনিবা ভগাই ল’ব পাৰি
আস!
কি যে সোৱাদ লগাকৈ ক’ব পাৰা
একদম পমি যাওঁ কেতিয়াবা
সঁচাকৈয়ে।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment