পৰিস্মিতা বৰদলৈৰ নৱতম গ্ৰন্থ “জীৱন মহাৰ্ঘ”কলৈ একাষাৰ
দিপলীপ বৰা
গান্ধীবড়ি, নগাওঁ
আৰম্ভণিতেই কওঁ জীৱনক আমি উদযাপন কৰিব পৰিলেই আমি মনে-প্ৰাণে সুখী হ’ব পাৰোঁ আৰু এই উদযাপনৰ আঁৰত আমি নিজেই নিজক সৎ পথেৰে আৰু জটিল সময়খিনিত ভাঙি নপৰাকৈ নিজক তুলি ধৰিব পাৰিলেই জীৱনটো আমাৰ বাবে মহাৰ্ঘ হৈ পৰিব।
এখন খুবেই ভাল লগা আৰু ইতিবাচকতাৰে ভৰা কথাবোৰেৰে “জীৱন মহাৰ্ঘ” পৰিপূৰ্ণ। নিজক নিজেই জীয়ন দি ৰাখিব পৰাটোৱেই আমাৰ জীৱনৰ মূলমন্ত্র হোৱাটো উচিত। “জীৱন মহাৰ্ঘ” ৰ প্ৰতিটো পৃষ্ঠাই এই কথাষাৰ বাৰে বাৰে উপলব্ধি কৰোৱাই আছে। যিমানে ভিতৰলৈ সোমাই গৈ আছোঁ প্ৰতিটো পৃষ্ঠাই নিজক মজবুত কৰিবলৈ বাৰে বাৰে শিকাই আছে। তাত অন্তর্ভুক্ত কিছু কথাই মনটোক সবল কৰিব পৰাকৈ আমাক উদ্গনি যোগাইছে। প্ৰায় প্ৰতিটো পৃষ্ঠাতে ইতিবাচক দিশটোকেই উপলব্ধি কৰিছোঁ কিতাপখন পঢ়ি উঠি।
তাৰে আটাইতকৈ মোৰ ভাল লগা কিছু ইয়াতো সংযোজন কৰিছোঁ
১। “পৃথিৱীলৈ প্ৰতিজন মানুহে নিজৰ ইচ্ছাত নাহে, আহিব নোৱাৰে। নিজৰ ইচ্ছাত পৃথিৱীৰ পৰা গুচি যাবও নোৱাৰে। অৰ্থাৎ জন্ম বা মৃত্যু একোৱেই মানুহৰ হাতত নাই। কিন্তু মানুহৰ হাতত এটা বস্তু নিশ্চয়কৈ আছে, সেয়া হৈছে জীৱন। জীৱনকালছোৱা মানুহে কেনেকৈ কটাব সেয়া মানুহজনে নিজে নিৰ্ধাৰণ কৰি ল’ব পাৰে।” কথাখিনিৰ মাজত যে মানুহক আকৰ্ষিত কৰিব পৰা সাংঘাতিক কিবা এটা অন্তৰ্নিহিত হৈ আছে।
২। “আত্মকথন আৰু ইয়াৰ প্ৰয়োজনীয়তা” শীৰ্ষক খণ্ডটোত অন্তর্ভুক্ত কথাখিনিৰ প্ৰয়োজনীয়তা সচাঁকৈয়ে উপলব্ধি কৰিছোঁ। “যিদৰে নিজৰ দোষ-গুণ বিবেচনা কৰাৰ বাবে ‘আত্মবিশ্লেষণ’ জৰুৰী। একেদৰেই আত্মকথনো অতি জৰুৰী।” “এনে অনেক আত্মকথনৰ ফলশ্ৰুতিত কেতিয়াবা সৃষ্টি হ'ব পাৰে একোখন সুন্দৰ ছবি, একোটি ভাল গল্প, কবিতা বা গান।” ইমানখিনি সম্মোহন যদি কিতাপখনে আমাক দিছেই তেনেহ'লে আমিও আমাৰ জীৱনটোক উদযাপন কৰাত কৃপনালী কিয়নো কৰোঁ!
৩। “অকলশৰে থকা মানুহৰ মানসিক শক্তি দিনকদিনে বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে”। “Life is a journey from loneliness to loneliness” ভাবি চালে কথাখিনিৰ গূঢাৰ্থসমূহ কিমান ধুনীয়াকৈ জল্ জল্ পট্ পট্ কৈ ভাঁহি আহে আমাৰ সন্মুখলৈ।
৪। জীৱনত ভি অ’ পি ৰ গুৰুত্বৰ বিষয়ে লেখিকাই যি মৰ্মাৰ্থ আগবঢ়ালে সেইখিনিক স্বীকাৰ নকৰিলে মোৰ বিশ্লষণখিনিও আধৰুৱা হৈ ৰ’ব। “VOP অৰ্থাৎ Value Of Personality”. ইয়াৰ অৰ্থটোতেই নিহিত হৈ আছে ইয়াৰ মৰ্মাৰ্থও।
৫। একেবাৰে শেষত লেখিকাৰ ভাষাৰেই কওঁ “মানুহ জীবশ্রেষ্ঠ। চৰাইৰ জগতত জীৱৰ প্ৰাদুৰ্ভাৱৰ পাছৰে পৰাই বৌদ্ধিক বিকাশৰ ক্ষেত্রতেই হওক অথবা অন্য কেতবোৰ কাৰণৰ বাবেই হওক মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈ আহিছে।”
গতিকে “জীৱন মহাৰ্ঘ” ই দিয়া ইমানখিনি মহৌষধ আমি পান নকৰাকৈনো কেনেকৈ থাকোঁ। এয়া যে জীৱন জীয়াৰ মন্ত্ৰ।
পৰিস্মিতা বৰদলৈ কৃতজ্ঞ আপোনাৰ ওচৰত এনে এখন ইতিবাচকতাৰে ভৰা কিতাপেৰে আমাক সমৃদ্ধ কৰাৰ বাবে।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment