অভিমানৰ নাট - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, May 1, 2025

অভিমানৰ নাট

 


অভিমানৰ নাট


                             চিমি চিদ্দিকা

                                 গোৰেশ্বৰ 


সুৰুঙাৰে সৰি গ’ল,

অকথিত কিছু মৰম,

ভাঙি গ’ল ঠুনুকা হৃদয়খন 

নিঃশব্দ অশ্রুৰ সোঁত বৈ গ’ল 


মই ক’ব নোৱাৰিলোঁ,

আঁচলতে আঁকি ৰলো ব্যথা 

তুমি দেখিও নেদেখা হ’লা

শব্দবোৰো হ’ল কিবা অৰ্থহীন 


তুমি বুজা, বুজিও নুবুজা,

হৃদয়ত ৰখা অভিমানবোৰ

বুজাৰ অভিনয় নেকি !

নে এয়া মায়াৰ নতুন নাট ?


সুধিম,

এতিয়াও সময় আছে ।

যদি এখন হাত দিওঁ আগবঢ়াই 

তুমি ধৰি থাকিবা নে?


নে,

তুমি উপেক্ষা কৰিবা 

যদি তেনে হয় তেন্তে 

তীব্ৰ অনুভৱবোৰ দহিব 

আশাবোৰে শেষ হোৱাৰ সংকেত দিব 

আলোকৰ মাজতো মনটো অকলশৰীয়া হৈ ৰ’ব।


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages