বৈধব্য
ৰেজিয়া চৌধুৰী
গুৱাহাটী
জনসমুদ্ৰৰ ভিৰৰ মাজত আক্ৰোশৰ পকনীয়াত পৰি কক্ বকাই থাকোতেই, জন অৰণ্যৰ পৰা অপ্ৰত্যাশিতভাৱে উফৰি অহা লিপ্সুৰ আৱৰণশূন্য অশ্ৰাব্য কথনে তাইক সৰ্ব্বস্ব কঁপাই গৈছিল। তথাপি ভাগি পৰা নাছিল...! বৰঞ্চ মনৰ দৃঢ়তাৰে নিজৰ স্থিতিত অটল থাকি, পৰিস্থিতিৰ সন্মুখীন হৈ তাই সাহসেৰে যুঁজি গৈছিল....!
প্ৰতিনিয়ত… নিশা কনমাণি দুটা তাইৰ বুকুৰ শেতেলিত, কটকটীয়া নিৰাপত্তা আৱেষ্টনীৰ ঢাল স্বৰূপ ডাং ডালৰ সাহসতে….!
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment