ব্ৰত কথা
গীতা ৰাজখোৱা
গোলাঘাট
অদিতিয়ে বুকুত কেঁচুৱাকণক সাৱতি মজিয়াত বহি ৰ’ল। এতিয়া তাইৰ কৰিব লগাও একো নাই। মানে তাই এতিয়া চুৱা মানুহ। কেৱল তাইয়েই নহয় সিহঁতৰ ঘৰখন এতিয়া মৃতকৰ ঘৰ, চুৱা ঘৰ। তাই থৰহৈ চাই ৰৈছে চোতালত নিথৰ হৈ পৰি ৰোৱা বগা কাপোৰখনৰ তলত থকা মৃতদেহটোলৈ। মানুহ এনেকৈয়ো নোহোৱা হৈ যাব পাৰেনে? হঠাৎ পৰলোকলৈ গমন কৰা তাইৰ শাহুৱেকক বাবে বাৰে স্মৰণ কৰি তাইৰ চকুৰ পৰা টোপা টোপে সৰি পৰিছে চকুলো।
শ্মশান নিবলৈ যা-যোগাৰ কৰে মানে বেলি লহিয়াবৰে হ’ল। শ্মশানলৈ নিয়াৰ পিছত কন্দা-কটা বোৰ লাহে লাহে শাম কাটিল। এজন দুজনকৈ মানুহবোৰ যাবলৈ ধৰিলে। দুই এজন নতুনকৈ আহিল।শ্মশানৰ পৰা মানুহবোৰ কেতিয়া মানে ঘূৰিব পাৰিব, খৰি দিওঁতে সময় কিমান লাগিব সেই লৈ আলোচনা চলিল।তাৰ লগে লগে খৰি দিবলৈ নিয়াৰ আগতে পৰিয়ালৰ কোনে কোনে দেখা পালেহি, এতিয়া কি ক’ত নীতি-নিয়ম মানিব লাগিব সেই বিষয়েও দুই একে আলোচনা কৰিলে। পৰিয়ালৰ নিকট আত্মীয়ই উপদেশবোৰ আদেশ সূচক ভাৱে কৈ গ’ল।
“মাৰা বৰ ভাল মানুহ আছিল। এনে সাদৰী মহিলা এই অঞ্চলটোতে বিৰল। নীতি নিয়মবোৰ ভাল দৰে পালন কৰি সকামখন পাতিবি, নহ’লে আত্মা অসন্তুষ্ট হ’ব।”
ৰাতি বাৰ মান বজালৈ শ্মশানৰ পৰা মানুহবোৰ ঘূৰি আহিল।নিম তিতা চোবাই, জুইত ভৰি হাত সেকি,শিলগুটিত ভৰি থৈ, গা-পা ধুই ঘৰৰ ভিতৰত সোমাল। ভোকত কলমলাই থকা পেটেৰে পাটীত পৰিবলৈ যোৱা সকলে ইকাতি-সিকাতি কৰি টোপনি যাবলৈ চেষ্টা কৰিলে।
ইতিমধ্যেই অদিতিৰ সম্পৰ্কত পৰিয়ালেই হওক বা ওচৰ-চুবুৰীয়াই হওক এক পূৰ্ব নিৰ্ধাৰিত নীতি ঘোষণা কৰিলেই —
“এতিয়া আক’ ব্ৰত, নীতি-নিয়ম আদি অদিতিয়েহে ভালদৰে পালন কৰিব লাগিব।ছোৱালীবোৰৰ একো নিয়ম নাই। কুশ চিঙি বিয়া দিয়া হৈছে সিহঁতক।গতিকে তিলনিলৈ পানী অকণো নোখোৱাকৈ থাকিব পাৰিলে ভাল।”
কোলাত কেঁচুৱা লৈ থকা অদিতিয়ে এনে এষাৰ কথা শুনি তাইৰ সন্মুখতে থকা গিৰিয়েক সত্যব্ৰতলৈ বৰ আশাৰে চালে।তাই ভাবিলে বুকুৰ গাখীৰ খাই থকা কেঁচুৱাটোৰ কথা ভাবি সত্যব্ৰতে তাইৰ হৈ এষাৰ ক'ব।কাৰণ কেঁচুৱাকণে গাখীৰ খাই থকাৰ বাবেই নে অন্য কিবা কাৰণত তাইৰ আজিকালি বৰ ঘনকৈ ভোক লাগে। সত্যব্ৰতে পিছে ক’লে -
: মই আৰু অদিতিয়ে ভালদৰেই মাৰ বাবে নীতি-নিয়ম খিনি পালন কৰিম।সেয়া প্ৰতিজন পুত্ৰ-বোৱাৰীৰে কৰ্তব্য।
কৰ্তব্য অথবা ব্ৰতৰ মাজত যেন পাৰ্থক্য নাইকিয়া হৈ পৰিল।অদিতিয়ে নিজৰ কৰ্তব্য ভালদৰে পালন কৰিব পাৰিবনে? তাইৰ মনলৈ ভয় এটা উজাই আহিল।
ঘৰখনৰ দুজন ল’ৰাৰ ভিতৰত সত্যব্ৰত ডাঙৰ। গতিকে সৰু ল’ৰা দেৱব্ৰতে মাকৰ শ্ৰাদ্ধাদিৰ ক্ৰিয়া ধৰিব লগা হ’ল। শ্ৰাদ্ধৰ যা-যোগাৰত সত্যব্ৰত উঠি-পৰি লাগিল। নিমন্ত্ৰণৰ বাবে চিঠি চপোৱা পৰা স্মৰণিকা এখন উলিওৱালৈকে, ভকত নিমন্ত্ৰণৰ পৰা জা-জলপান, ভোজৰ কলপাত খিলালৈকে হিচাপ কৰিবলৈ আৰম্ভ কৰি দিছে সত্যব্ৰতে; যাতে মাকৰ শ্ৰাদ্ধত ক’তো অকণো খুঁত ৰৈ নাযায়। সত্যব্ৰতৰ দেউতাকেও নিজৰ পকেটৰ পইছা উলিয়াই দিছে মানুহজনীৰ সকামত খৰচ কৰিবলৈ। আটাইকেইটা ল’ৰা-ছোৱালীয়ে আলোচনাত বহিছে –
: মায়ে বাৰু কি মিঠাই খাই ভাল পাইছিল ?
দুয়োজনী বাই-ভনীয়ে ইজনীয়ে সিজনীৰ মুখলৈ চাই, এজনীয়ে কৈ উঠে –
: মায়ে কাজু বৰ্ফিয়েই ভাল পাইছিল কিজানি !
নন্দেকৰ কথা শুনি অদিতিয়ে ক’লে,
: মই জনাত মায়ে কালাকন্দ হে ভাল পাইছিল।
সত্যব্ৰতে সুধিলে,
: তুমি কেনেকৈ জানিলা ?
: কথাৰ প্ৰসংগত মায়ে এদিন কৈছিল।
: পাচলি আৰু মাছৰ কথা কিবা জানা নেকি ? মানে মায়ে কি ভাল পাইছিল।
অদিতিয়ে ক’লে,
: ৰঙালাও মাৰ প্ৰিয় আছিল।আৰু মাছৰ ভিতৰত
ইলিচ মাছ হোনো মায়ে বৰ ভাল পাইছিল।
মনে মনে বহি থকা সত্যব্ৰতৰ দেউতাকে এইবাৰ অদিতিক ক’লে,
: মই ইলিচ মাছৰ গোন্ধই সহ্য কৰিব নোৱাৰোঁ। আৰু সেইবাবেই এদিনো ইলিচ মাছ মই ঘৰলৈ অনাই নাছিলোঁ। তুমি কেনেকৈ জানিলা মাৰাই যে ইলিচ মাছ ভাল পাইছিল ?
: মায়ে এদিন কৈছিল।মাৰ মাকৰ ঘৰৰ কাষতে হেনো এঘৰ পশ্চিমবংগৰ মানুহ আছিল। সেই ঘৰখনৰ মানুহগৰাকীয়ে ইলিচ ৰান্ধিলেই হেনো মালৈ দি পঠাইছিল। মায়ে কৈছিল, মায়ে বোলে ইলিচ মাছৰ সেই সোৱাদ জীৱনত আৰু আন কোনো মাছৰ আঞ্জাতে পোৱা নাছিল।
সত্যব্ৰতৰ দেউতাকে গভীৰ অনুশোচনাৰে নিশ্বাস এৰিলে।সত্যব্ৰতে দেউতাকক ক’লে,
: দেউতা, ইলিচৰ দামটো বহুত হ’ব। ভোজলৈ ৰৌ জাতীয় অন্য কিবা মাছেই অনা ভাল হ'ব নেকি!
: আন আন। কেৱল মই বেয়া পাওঁ বুলিয়ে কোনোদিন ইলিচৰ সোৱাদ নিদিলোঁ মানুহজনীক। গাভৰু কালতে খোৱা আনৰ ঘৰৰ ইলিচৰ সোৱাদ লৈয়ে গ’লগৈ তেওঁ। আন আন, বেলেগ মাছেই আন।
সত্যব্ৰত হিচাবত লাগিল।
কথাটো পৰিয়াল, ওচৰ-চুবুৰীয়া মানুহৰ মাজত আলোচনাৰ বিষয় হৈ পৰিল। চাৰিটাকৈ ল'ৰা-ছোৱালী থাকোতেও মাক জনীয়ে কি খাই ভাল পাই সেই কথাই নাজানে। কম কথানে বাৰু!!
মজিয়াৰ ওপৰত শুই থকা মাতৃ শ্ৰাদ্ধাদিৰ ক্ৰিয়া ধৰা দেৱব্ৰতে তিলনি নোযোৱাকৈয়ে সিদ্ধ মগু খাবলগীয়া হ’ল। কাৰণ পকাত শোৱাৰ বাবে আৰু একো নোখোৱাকৈ থকাত ক্ৰিয়া ধৰোঁতা অসুস্থ হৈ পৰিল। ডাক্তৰে খাবলৈ দিলে। পিছে তিলনিলৈকে একেবাৰেই একো নোখোৱাকৈ থাকিল অদিতি আৰু সত্যব্ৰত। বোৱাৰীৰ কৰ্তব্য যথাৰীতি পালন কৰিবলৈ চেষ্টা কৰিলে অদিতিয়ে।
নৈ পাৰত পুৱাতেই তিলনিৰ কাৰ্য আৰম্ভ কৰি পিণ্ড দান সম্পাদন কৰা হ’ল। ঘৰত পিঠাগুড়ি কল গাখীৰেৰে বংশ পৰিজনে অন্ন গ্ৰহণ কৰিলে। পিণ্ড দানৰ পৰা ঘূৰি অহা দেওৰেকক অদিতিয়ে
সুধিলে,
: দেবু, পিণ্ড খাবলৈ মা আহিছিলনে বাৰু ?
দৃষ্টি ঘোপা কৰি দেবুয়ে বৌয়েকক ক’লে,
: কি কোৱা বৌ, মা আকৌ ক'ৰ পৰা আহিব ?
: নহয় মানে, কোৱা শুনো চৰাই-চিৰিকতি হৈ হেনো মৃতক পিণ্ড খাবলৈ আহে।
: মোৰ সেইবোৰ চাবলৈ সময় নাই দেই। মই কেতিয়া এইবোৰৰ পৰা আজৰি হওঁ হওঁ লাগিছে।
দেবুক কথাটো সুধি অদিতিৰ নিজকে অপৰাধী দৰেহে লাগিল। এনে লাগিল দেবুয়ে বৰ কষ্টতহে যেন এই নিয়মবোৰ পালন কৰিছে।
সন্ধ্যা সোনকালেই বৰতীয়া ভাত খোৱাৰ যা-যোগাৰ আৰম্ভ হ’ল। আজি তিনিদিনৰ পিছত ভাত খাবলৈ পাব সিহঁতে। দেবুয়ে নিয়ম মতে নিজে ৰান্ধি খাব লাগে যদিও কোলাত কেঁচুৱা লৈ বৌয়েকে ৰান্ধি দিব লগা হৈছে।
বাকলি গুচোৱা মগু মাহত বিলাহী আৰু আলু টুকুৰা টুকুৰকৈ দি, তাতে আদা অকণমান থেতালিয়াই দিলে অদিতিয়ে। খাবৰ সময়ত সকলোয়ে ঘিউ ঢালি ল’লে। তিনি দিনৰ মূৰত খোৱা বৰতীয়া ভাতকেইটা সিহঁত আটাইৰে অমৃত যেন লাগিল। বৰতীয়া ভাত খোৱা মানুহৰ সংখ্যাও বাঢ়িল। ওচৰৰ দুই এজন,দেবুৰ বন্ধু দুজনমান বাঢ়ি প্ৰায় দহ-বাৰজন মানেই হ’লগৈ। শেষত অদিতিয়ে ভাত খাবলৈ লৈ দেখিলে কুকাৰৰ তলিত ভাত এহেতামানহে আছেগৈ। তাইৰ বুকুত শোকে খুন্দা মাৰি ধৰিলে। সেইকেইটা ভাতকে তাই খাবলৈ বুলি উলিয়াই ল'লে।
ভাত খাই থাকোতে তাইৰ শাহুৱেকলৈ মনত পৰিল। ঘৰৰ যিকোনো অনুষ্ঠানতে শাহুৱেক আৰু তাই সকলোৰে শেষতহে খাবলৈ বহে। প্ৰায়ে সিহঁত দুয়োজনীলৈ কেতিয়াবা কিছুমান বিশেষ আঞ্জা বা মাছ-মাংস নাথাকেগৈ বা একেবাৰে কমকৈ পৰে। তেতিয়াও তাইৰ শোকটোৱে বুকুত খুন্দা মাৰি ধৰে আৰু শাহুৱেকলৈ মনে মনে বৰ খং উঠে। কিন্তু আজি তাই উপলব্ধি কৰিলে নিৰুদ্বেগ ভাৱে যিখিনিকে পাই তাকে খাই উঠি যোৱা শাহু মাকৰ দৰে তাইয়ো অন্য এগৰাকী নাৰী হ’বলৈ ধৰিছে। শাহুৱেকলৈ মনত পৰি নে তিনিদিনৰ মূৰত খাবলৈ পোৱা বৰতীয়া ভাত কেইটা তাকৰ হোৱাৰ বাবে তাইৰ বুকুখন বিষাই উঠিল। ভাত খাই থকা কাঁহীখনৰ ওপৰত তাইৰ চকুৰ পানী শব্দ কৰি সৰি পৰিল।
হঠাৎ কেঁচুৱাটোয়ে কান্দি উঠিল।অদিতিয়ে হাতখন যেনেতেনে ধুই শোৱা কোঠা পালেগৈ। অকণমান নিচুকাই তাক আকৌ শুৱাই দিলে।
পাকঘৰ সামৰিবলৈ আছেই। তাই লৰালৰিকৈ পাকঘৰলৈ আহোতে দেবুৰ কোঠাত ইংলিছ গীতৰ সুৰ শুনা পালে। অতি সাৱধানেৰে তাই তাৰ কোঠাৰ দুৱাৰৰ সন্মুখত ৰৈ দুৱাৰখন চুই চালে। দুৱাৰখন অকণমান খোল খাই গ’ল। তাই দেবুক মাত দিবলৈ গৈ ৰৈ দিলে। দেবুৰ চকু কম্পিউটাৰৰ স্কিনত আৱদ্ধ। অদিতিয়ে দেখা পালে কম্পিউটাৰৰ স্কিনত এজাক নামমাত্ৰ বস্ত্ৰ পৰিহিত নাৰীৰ অহা-যোৱা চলি আছে। তাই আৰু সেই ঠাইত ৰৈ নাথাকিল। অদিতিৰ মনত ভিন্ন কথাই দোলা দিলেহি। কি আছে নাৰীৰ দেহত!!! জন্মদাত্ৰী নাৰীৰ ব্ৰতত থকা সন্তানে উলংগ নাৰীৰ শৰীৰ চাই তৃপ্ত হয়।
কথাবোৰ ভাবি ভাবি অদিতিয়ে বাচন-বৰ্তনবোৰ ধুই নিজেও হাত-ভৰি কেইটা কুহুমীয়া গৰম পানীৰে ধুই ল’লে। দিনটো মাত লগাবলৈ অহা মানুহক মাত দিয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত তাই টাকুৰী ঘূৰাদি ঘূৰিব লগা হৈছে। ইপিনে তাই কেঁচুৱাৰ মাক।
অদিতি শোৱা কোঠালৈ আহি দিনত পিন্ধি থকা কাপোৰ সাজ সলাই লৈ কেঁচুৱাকণৰ কাষতে বাগৰ দিলে। কণমানিটোক নিজৰ গাৰ কাষলৈ চপাই ল’লে তাই। কাষৰ কোঠাটোৰ পৰা সত্যব্ৰত আৰু দেউতাকে পতা শ্ৰাদ্ধ সম্পৰ্কীয় কথাৰ টুকুৰা কিছুমান উফৰি আহি তাইৰ কাণত পৰিলহি। তাই শুইথকা ল'ৰাটোক মৰমতে চুমা এটা খালে। চকু দুটা মুদি দিলে তাই। কোনোবাই কোন কাহানিবাই কোৱা কথা এষাৰ মনত পৰিল তাইৰ, “শুই থাকিলে কেঁচুৱাবোৰক বৰ ধুনীয়া দেখি।” অদিতিয়ে মনে মনে আওৰালে, সঁচাকৈয়ে।
দিনটোৰ ভাগৰে তাইক হেঁচা মাৰি ধৰিলেহি। ভৰিকেইখন বিষত টনটনাই উঠিছে।তাৰ মাজতে তাইক টোপনিয়ে জোকালেহি। চিলমিলকৈ টোপনি আহিছিলহে তাইৰ, চকখাই তাই সাৰ পাই উঠিল।সত্যব্ৰতে তাইৰ গাত হাত থৈছে। ভাগৰত লেবেজান হৈ থকা তাইৰ বৰ খং উঠিল। তাই হাতখন আঁতৰাই দিলে। সত্যব্ৰতে তাইক এইবাৰ জোৰেৰে গাৰ কাষলৈ টানি আনিলে। তাই তাক বাধা দিবলৈ লৈও দিব নোৱাৰিলে। এটা সময়ত সি সন্তুষ্ট মনেৰে উঠি গৈ বিছনাখনৰ আনটো কাষত শুলেগৈ।
অদিতিৰ বৰ দুখ লাগিল।তাই উঠি গৈ লাইটৰ চুইচটো দি দিলে।
সত্যব্ৰতে কিছু উষ্মাৰে সুধিলে,
: কি হ'ল আকৌ? লাইটটো কিয় জ্বলাইছা?বন্ধ কৰি দিয়া।বৰ চকুত ধৰিছে।
: একো নাই।তোমাক এবাৰ চাবলৈ মন গ’ল মোৰ। অদিতিয়ে বৰ শান্ত মাতেৰে ক’লে।
: কিয়, মোক চাবলৈ আকৌ কি হ’ল তোমাৰ ?
: আচলতে তোমাক নহয়, নিজ মাতৃ বিয়োগৰ বিষাদত ডুবি শুদ্ধচিত্তে ব্ৰত পালন কৰা পুত্ৰজনক এবাৰ চাবলৈ মন গ’ল মোৰ।
সত্যব্ৰত খপজপকৈ বিছনাত উঠি বহিল। দুয়োখন হাতেৰে মুখখন বাৰে বাৰে মোহাৰি সি দোষী দোষী ভাৱেৰে অদিতিলৈ চাই ৰ’ল।
অদিতিৰ দুখেই লাগিল নে খঙেই উঠিল তাই ঠিক নিজেই বুজি নাপালে।
দেহৰ ভাগৰেও এতিয়া আৰু তাইলৈ সোনকালে টোপনি কঢ়িয়াব নোৱাৰে। তাই শুইথকা ল’ৰাটোলৈ চাই ভাবিলে, তাইৰ মৃত্যুত তাইৰ ল'ৰাকণে বাৰু ব্ৰত ৰাখিবনে ? সত্যব্ৰতৰ দৰে ব্ৰত! কেঁচুৱাকণ সাৰ পাই কেৰমেৰাই উঠিল। তাই কেঁচুৱাকণক কোলাত তুলি বেৰখনত আওজি বহি পৰিল।
সত্যব্ৰতে অদিতিক কৈফিয়ৎ দিলে–
: Sorry অদিতি। মোৰ জানো কি হ’ল মই নিজেই
নাজানো।
অদিতিৰ মাতত বিষাদ বিয়পি পৰিল।
: ধৰ্ম মানে কি বুজা তুমি?ভগৱানক পূজা কৰা ?
ধৰ্মই প্ৰকৃততে শুদ্ধ কৰ্ম কৰাৰ কথাহে বুজায়। ইংৰাজীত যাক কোৱা হয় Righteousness।
ভাগৰুৱা অদিতিৰ বেছি কথা ক’বলৈ মন নোযোৱা সত্ত্বেও তাই মনত ক্ষোভ সামৰিব নোৱাৰি পুনৰ ক’লে, : তোমাৰ ব্ৰতত মাৰ আত্মা কিমান সন্তুষ্ট হ'ল মই নাজানো, মই কিন্তু বৰ দুখ পালোঁ লগতে অসন্তুষ্টও। মোৰ যদি তোমাতকৈ আগতে মৃত্যু হয়, তুমি ল'ৰাক মোৰ বাবে ব্ৰতত থাকিবলৈ মানা কৰিবা। মোৰ বাবে আমাৰ সন্তানে তোমাৰ দৰে ব্ৰত কৰাতো মই কেতিয়াওঁ নিবিচাৰোঁ।
সত্যব্ৰতে অসহায়ভাৱে অদিতিলৈ চাই ৰ’ল।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment