এটা কুুকুৰ পোৱালিৰ সচাঁ কাহিনী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, May 31, 2025

এটা কুুকুৰ পোৱালিৰ সচাঁ কাহিনী

 


এটা কুুকুৰ পোৱালিৰ সচাঁ কাহিনী


ইনু দত্ত


    সেই নিৰ্বোধ কুকুৰ পোৱালিটোৱে জানিছিল নে বাৰু আজি যে তাৰ জীৱনৰ শেষ দিন! নিয়তিয়ে তাক যে হাত বাউলি মাতিছে। ৰাতিপুৱাতে সি আলিবাট টোত নেজদাল জোকাৰি জোকাৰি ইফালে-সিফালে ঘূৰি ফুৰিছিল। এবাৰ সি দৌৰি ৰাস্তাটোৰ সিপাৰে থকা মাকৰ ওচৰলৈ দৌৰ মাৰিলে। কিন্তু হঠাৎ মৃত্যু দূতৰূপী মানৱে তাৰ গাড়ী চকাৰ তলত পেলাই কুকুৰ পোৱালিটোক চেপি পেলালে। লগে লগে তাৰ প্ৰাণ বায়ু কোনোবা নেদেখা নজনা দূৰদেশলৈ উৰি গুছি গ’ল। ঠাই টুকুৰা তেজেৰে ৰাঙলী হৈ গ’ল। তাৰ কোমল দেহাৰ তেজৰ চেঁকুৰা আলিবাটটোত সিঁচৰতি হৈ পৰি থাকিল। তাৰ নিঠৰ দেহাটো ঠাইতে পৰি ৰ’ল। কোনো তাৰ হৈ এটোপাল চকুৰ পানী টোকা মানুহ নোলাল। মাথো তাৰ মাকজনী দুদিন নোখোৱা নোবোৱাকৈ বননিত পৰি থাকিল। কিন্তু আজি যদি মানুহ হ’লহেতেন চাৰিও ফালে হুৱাদুৱা লাগিল হেঁতেন। কন্দাকটা, হা- হুমুনিয়া। এয়াই মানুহ আৰু পশুৰ মাজত পাৰ্থক্য। অলপ দেৰিৰ পিচত ছুইপাৰে কুকুৰ পোৱালীটোৰ দেহাটো নি পুতি পেলালে। আলিবাট তোৰ দাঁতিত থকা নিম গছ জোপা মাথো সাক্ষীোহৈ ৰ’ল। মই মাথো নেদেখা জনক প্ৰাৰ্থনা জনালো হে প্ৰভু! তাৰ আত্মাটোৱে যেন ভাল ঠাইত জনম লয়।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages