বুকুৰ জীয়া শিল
ববী দত্ত
উফ....!
এনেদৰেই
হয়;
ঠিক এনেদৰেই
বুকুৰ জীয়া শিলৰ কৰুণ বেদনাত উশাহৰ অপমৃত্যু।
দুহাত নিষ্কলুষতাৰে সম্প্ৰসাৰিত
অনন্তলৈ
মানুহৰ বুকুৰ শূন্য খিনি আঁতৰি যাওক
নিজৰ স্থায়ী ঠিকনা বিচাৰি।
কিহৰ স্তব্ধতাত আশাবোৰৰ ওপৰেদি বাগৰি যায় উদং নদী
দুঃসময়ৰ বিস্ময়তা !
আশা আৰু আকাংশক লৈয়েই আজীৱন খেলা প্ৰেমিক মানুহ,প্ৰেমিক চৰাই একে
জীৱনৰ অতিৰঞ্জনৰ ছাঁবোৰ খেদি খেদি সিহঁত গৈ থাকে
একোটা জীয়া শিল
চকুপানীৰ দাপোনত প্ৰতিবিম্বিত দুখ আৰু
প্ৰতাৰণাৰ ভাষাবোৰ অতলস্পৰ্শী বুলি সিহঁতে জানে
মানৱিক অভিৰুচিৰ আৰোপনত
জীৱনে লুকা-ভাকু খেল খেলে
জীৱন যন্ত্ৰণা, নেজলগা অনুভৱ আৰু খোলাচপৰীয়া শব্দৰে
মনবোৰ দুৰন্ত গতিৰ ঘোঁৰা
শ্বাসৰুদ্ধ সময়ৰ ৰেচ কম্পিটিচন !
এক অনামী ভয়ত কলিজাখন ওলমি ৰয়
পৃথিৱীৰ এমুৰত
পেন্দুলাম পেন্দুলাম।
বিনিময়ত;
উপেক্ষা কৰা উশাহবোৰৰ গতি মন্থৰ হৈ পৰে
বুকুৰ জীয়া শিলৰ ওপৰেৰে তপত নৈ বয়!
বিজতৰিয়া বিৰহৰ বিকল্প ব্যস্ততাত
জীৱনৰ অনুসন্ধান আৰম্ভ হয়।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment