সকলো কথা সকলোৱে নাজানে
ইলামণি শইকীয়া
ক’ৰবাত কোনোবাই কান্দি থাকে
ক’ৰবাত নদীবোৰ সাৰে থাকে
কোনোবাই সাৱটি থাকে শূন্যতা
কোনোবা অচিন চহৰত বাট এৰি অবাটে যায়
সূৰ্য হ’ব খোজা সোণামুৱা
ডেউকা থকা নাৰীবোৰৰ প্ৰিয় হয়
প্ৰাচুৰ্যময় সঁজা
সকলো কথা সকলোৱে নাজানে
সকলোৱে জনা কথাতে
সকলো কথা সোমাই নাথাকে
ক’ৰবাত এতিয়াও বাজি আছে শুনা
মন্দিৰৰ মাৰ নোযোৱা ঘণ্টাধ্বনি
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment