কিমান হৃদয়হীনা হ’লে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, May 1, 2025

কিমান হৃদয়হীনা হ’লে

 


কিমান হৃদয়হীনা হ’লে


                                           পবিত্ৰ বৰগোহাঁই

                                                  শিৱসাগৰ


কিমান হৃদয়হীনা হ’লে

পাহৰিব পাৰে বুকুৰ 

সেউজীয়া হ’ব ধৰা এখন পথাৰ

মোৰ বুুকুত যে চন পৰা এখন পথাৰ

হালধীয়াকৈ ফুলিব ধৰা

মোৰ পথাৰৰ সৰিয়হ ডৰা

সময় শেষ হ’লে 

প্ৰয়োজনো যেন শেষ হয়

কিহৰ তাড়নাত পৰি

ছটফটাই থাকে হৰিণাজনী

তুমি জানা সময়ৰ শৰ সময়ত মাৰিব

আৰু অৰ্জুনৰ দৰে  তোমাৰ লক্ষ্যভেদী বান

নিমিষতে ছিন্ন-ভিন্ন কৰিব পাৰ দুৰ্গ

যিমানে দুৰ্গম নহওক কিয়

হেলাৰঙে জয় কৰিব পাৰা

তোমাৰ কণ্টকময় পথ

সহজে জিনিব পাৰা আলসুৱা হৃদয়

প্ৰয়োজনত কি অভিনয় কৰিব লাগে

আৰু প্ৰয়োজন শেষ হ’লে

যৱনিকা পৰে নাটকৰ

আমিবোৰ মাথো দৰ্শক

বিস্ময়কৰ দৰ্শক।


Doksiri দকচিৰি, মে, ২০২৫

                   

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages