কালসন্ধ্যাৰ কাহিনী
এছ.এম ছাইফ উদ্দিন
উত্তৰ লক্ষীমপুৰ
মোহময়ী ৰূপৰ অধিকাৰী তুমি,
তোমাৰ অধীনত মোৰ সকলো ঐশ্বৰ্য
তোমাৰ প্ৰেমানুভূতিৰ সুধাৰ ধাৰত আবদ্ধ
মোৰ আশা আকাংক্ষাৰ এখিলা দস্তাবেজ
যাৰ বাবেই হয়তো মই তোমাৰেই প্ৰত্যাশী।
নিচল এই অচল জীৱনৰ এটাই মিনতি
এটাই মাথো আৰতি নীৰৱতাৰ ছাঁত,
যেতিয়া জিৰণি ল’ব অনুভূতিৰে ভৰা
আহত মন, এই ধূসৰ বেলি
গল্প কবিতাৰ জোৱাৰ তোলা নদীৰ পাৰ,
সকলো তেতিয়াই অৱসৰ ল’ব
সকলো ভালপোৱাৰ একো একোটা অনুচ্ছেদ
এধানি ভৰষাৰ প্ৰীতিৰে গঢ়া দুখন হাতৰ
নিৰ্বিকাৰ দোহাই।
সময়ৰ প্ৰেক্ষাপটত দিয়া অজুহাত আৰু
অভিমান বিলীন হ’ব বিয়লিৰ বতৰত,
তেতিয়াই হৃদয় উদ্যান মুকলি হ’ব
তোমাৰ অধীনৰ পৰা
তোমাৰ বন্ধ কোঠালিৰ পৰা
যি পিঞ্জিৰাত আবদ্ধ আছিল মোৰ জীৱনানন্দ
কন্ঠ নিগৰা আনন্দ উল্লাসিত
মৌ সনা মিঠা মাতৰ
সুৰীয়া গীতৰ সুৰ আৰু প্ৰেমজনিত কবিতাৰ ছন্দ।
জনা বা নজনা নহয় তোমাৰ
বাস্তৱায়িত সময়ৰ অভিধানৰ পৃষ্ঠাত লিপিবদ্ধ
অজৰ অমৰ ইতিহাস,
সমস্যাৰ সমিধান আৰু মৰিও জী উঠাৰ দৰে
ৰহস্যালাপ অভিজ্ঞতাৰ।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment