ঐয়া তুমি অইনিঃতম
লক্ষী প্ৰসাদ ৰেগন
হয়তো ব্যস্ত তুমি
খালৈ জুলুকি লৈ
চিলনীৰ দৰে থপিয়াইছা
কণ কণ ভেচেলি কিম্বা পুঠি
তাতে, নিগৰি আহে এটুপি হাঁহিৰ সৈতে
অইনিঃতমৰ লানি....
কোনোবা শুনিছে ৰিণি ৰিণি দূৰৈত
এয়া অইনিঃতম...ঐয়া তোমাৰ অইনিঃতম।
ঐয়া তোমাৰ অইনিঃতম শুনি
নল বিৰিণাবোৰেও নাচিছিল
বতাহত সঘনে হালি-জালি
হয়তো তোমাৰ অইনিঃতম শুনি
গৰখীয়াৰ দেহ-মন সৰিছিল
পুৱতি সৰা
শেৱালি ফুলৰ দৰে
সেয়ে মই ক’ব খোজো
ঐয়া তুমি অইনিঃতম
ঐয়া তুমি অইনিঃতম
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment