কৰবাত, কেতিয়াবা লগ পাম তোমাক
ৰশ্মিৰীয়া গগৈ
মিছা ভাৱ-বিলাসত নিজ স্থানত ৰৈ থাকিও
কাহানিও ক্লান্ত হোৱা নাই মন
শেষ নোহোৱা কিছু কল্প-কথাৰ বাহিৰে
তোমালৈ আগবঢ়াব পৰাকৈ মোৰ আন একো নাই।
উশাহ ভঙা এসোপা শব্দই কেতিয়াবা মোৰ মগজু
আৰু ডিঙিত থিতাপি লয় আৰু প্ৰতিবাৰ লোৱা নতুন
উশাহটোত মোক শ্বাসৰুদ্ধ কৰি পেলায়।
তথাপি তোমাক বিচাৰি দীঘল বছৰবোৰ অথলে নিছোঁ
মহানাগৰীক মুখবোৰত তোমাক বিচাৰিছোঁ
তোমাক বিচাৰি ফুৰিছোঁ নিস্তব্ধতাৰ বালিচৰত
পৃথিৱীৰ প্ৰতিজুৰি চকুত তোমাক বিচাৰি ফুৰিছোঁ
তেজৰ নদীবোৰত, ভোক আৰু ভোগৰ ভাতত !
এনে অস্থিৰতাৰেই কোনো এক দিনত
আমাক কোৱা হৈছিল
গতকালৰ সকলো বিষ-কথা আমি পাহৰি যাম,
তোমাতেই মুকুতিৰ বৃথা ভাঙি জীয়াবলৈ শিকিম
সমতাৰ কথা কম!
আৰু ঠিক তেতিয়াৰ পৰাই ইমান পিয়াহ
তোমাত জী উঠাৰ !
সমান হোৱাৰ !
তুমি দেখিব পাৰিছানে,
যুদ্ধভূমিৰ ধুলিবোৰত লগা ভয়-নিচান
আমাৰ মাটিত আমাৰেই ভাই সিহঁতে তেজ শুঁহি, পি খাই!
কৰবাত অলপীয়া শকতি লৈ
চূড়ান্ত সাহসেৰে
বিপৰীতে আমি থিয় হওঁ
তেজৰ নদী বোৱাও, কার্ফিউ মানো সময়ৰ
কৰবাত মাতবোৰ অপহৃত হয়
আৰু মই ভচহু ভৰাবলৈ মাটিতেই চন্দুক সাজোঁ
ক’ত আছা!
আছা ক’ত!
স্বাধীনতা!
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment