আশা
অনুপমা ৰাজখোৱা
কলিয়াবৰ, নগাওঁ
আমি যদি বিচাৰিলো হয়
আকাশখন চুই চাবলৈ,
আকাশখন নিচেই কাষত
পালো হয়।
আমি যদি সপোন দেখিলো হয়
পাহাৰ নিশ্চয় বগাব পাৰিলো হয়
মাথো এবাৰ ধৈৰ্য, সাহসৰ
দুৱাৰ ডলিত টুকুৰিয়াই চোৱা
কঠিনতাক সহজ ৰূপত
সজাই তোলা,
জীৱনটো ৰঙীন চাদৰেৰে
মেৰিয়াই লোৱা।
আমি যদি আকাশৰ জোনটো আনিব পাৰিলো হয়
কাল এন্ধাৰে আৱৰা পৃথিৱীখনক সজীৱ কৰি ৰাখিলো হয়
ভয় শংকা আতৰাই
শিৰে শিৰে নদী হৈ বৈ যোৱা
আমি একো একোজনী জয়মতী, মুলাগাভৰু, কনকলতা হৃদয়ত ৰাখিছো সততা
বীৰত্বৰে দেখুৱাওঁ
আমাৰ পৰিচয়তা।
গঢ়ো আমি সোনৰ সংসাৰ
নকৰো সংহাৰ
ধৰি ৰাখো নাৰী জাতিৰ সন্মান
জীয়াই ৰাখিব বিচাৰো
বৰ অসমৰ মান।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment