শূন্য পুৰাণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, May 31, 2025

শূন্য পুৰাণ

 


শূন্য পুৰাণ


ডাঃ হীৰেন্দ্ৰকুমাৰ ভাগৱতী


    নাতন খুৰাই মূৰে-কপালে হাত দি আকাশলৈ চাই চাই আপোন মনে ভোৰভোৰাই থকা দেখি মনপাহিয়ে আগুৱাই আহি ক’লে- খুৰা অ’! যি হ’বৰতো হ’ল! এতিয়া আপুনি আপোনাক নিজকে আগতকৈ বেছি যতনেৰে চম্ভালিবৰ হ’ল। এটা অঙ্গৰেই চলিব লাগিব যেতিয়া উপায়তো নাই। তাই ইমান দুৰ্বল মনা আছিল নে? তাইক জীয়াই ৰাখিবলৈ নিজৰ এটা বৃক্ক আপুনি দান দিলে৷ তাই সেইটোৰ কোনো মূল্যই নাৰাখিলে৷ আমিওতো একো ফুট নাপালোঁ তাই যে এনে অপকৰ্ম এটা সম্পাদন কৰিব! ডিকমে খবৰটো পালে নে নাই বা। তাৰ জীৱনটোত শাওপাত লাগিবই। এইবোৰে প্ৰেম যদি কৰেই এনে প্ৰেমৰ মূল্যই বা কি থাকিল! আৰে তাইৰ কিডনীটো বিকল হ’ল, গতিকে তাইক লৈ সংসাৰ তৰিব নোৱাৰিব৷ সেইটো কথাতে এগৰাকী প্ৰেমিকে প্ৰেমিকাক প্ৰত্যাখ্যান কৰিব পাৰিলে? ৱাঃ ৰে দুনীয়া ৱাঃ! মোৰোচোন প্ৰায় একেই ঘটনা! ময়োচোন তেওঁক প্ৰত্যাখ্যান কৰিব পাৰিলোঁহেঁতেন৷ প্ৰতিটো ৰাতি তেওঁৰ বাবে শেষ ৰাতি হয়। মই তেওঁক কিমান সাহসেৰে বুকুত সাবটি গোটেই ৰাতি কটাই আহিছোঁ। কোনদিনা মোৰ কপালৰ সূৰুযটো ডুব যায় কোনে জানে? মোৰ এই বলিদানৰ ফলতেই কিজানিবা তেওঁক আজিলৈ জীয়াই ৰাখিছে! তেওঁও মোক বিয়াৰ আগতেই অন্য পুৰুষৰ স’তে জীৱন আৰম্ভ কৰিব কৈছিল! ক’তা? মইতো নকৰিলোঁ। যি হয় হ’ব আৰু বুলি আগুৱালোঁ। এই নো এইখন কি নাটক কৰি নিজে আত্মঘাতী হ’ল অ’ খুৰা৷ এবাৰো নাভাবিলে আপোনাৰ বলিদান, ত্যাগৰ কথা। সেই মাউৰা ছোৱালীজনী বুকুত সাবটি কত ৰাতি উজাগৰে মাতৃ-উমেৰে তাইক এইখিনি ডাঙৰ কৰিলে! আৰে সি তাইক এৰিছে; এপাত শোধাই দি ঘৰৰ ছোৱালী ঘৰলৈ ফিৰি আহ। জগতত অকল ডিকমহে আছিল নে? তাই দেখুৱাই দিব লাগিছিল তাই কিবিধৰ ছোৱালী! ছেঃ গোটেইখন শূন্য পুৰাণ কৰি পেলালে। ব’লক কিবা অলপ খাওক হি…


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages