ঐশ্বৰ্য বৰুৱাৰ ভাষণ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, May 31, 2025

ঐশ্বৰ্য বৰুৱাৰ ভাষণ



 ঐশ্বৰ্য বৰুৱাৰ ভাষণ


শৰৎ হাজৰিকা

ৰঙাগড়া ঘাট, গোলাঘাট


    কেতিয়াও কাকো বেয়াকৈ চৰিত্ৰত ধৰি কথা কোৱা, পৰচৰ্চা নাইবা কুৎসা ৰটনা কৰিব নেপায়। বিশেষকৈ অনুপস্থিত কোনো ব্যক্তিৰ ক্ষেত্ৰত এনে কুসমালোচনাই শোভা নাপায়। ই অতি দোষনীয়। প্ৰকৃতাৰ্থত আমি  হৃদয়ত সততাক আশ্ৰয় দিব লাগে। এনেবোৰ কথা “গ্ৰাম্য সমাজ সজাগতা” সভাখনত  ভাষণ প্ৰদান কৰি আহি হোটেলখনত বহোতেই ঐশ্বৰ্য বৰুৱাৰ পুৰণি শত্ৰু কিংকৰক দেখি ইকচি বিকচি তাৰ পৰা ওলাই আহিল।

   আহোঁতে মুখামুখি হোৱা সৎৰামক লগ পাই কৈ আহিল - এনে দুঃচৰিত্ৰ মানুহৰ পৰা সদাই দূৰত থাকিবা।” নিৰহংকাৰী, সদালাপী সৎৰামে একো বুজি নাপাই ঐশ্বৰ্য বৰুৱাই দংদঙাই যোৱা খোজৰ ফালে চাই ৰ’ল।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages