এক আবেগবিহীন প্ৰজন্ম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, May 31, 2025

এক আবেগবিহীন প্ৰজন্ম

 


এক আবেগবিহীন প্ৰজন্ম 


শতাব্দী শৰ্মা

নগাঁও


তোমালোকৰ প্ৰজন্মটোৱেই বেলেগ আছিল, এতিয়া ইম’চনৰ যুগ নাই। সকলো প্ৰেক্টিকেল!” এনেকৈ মাহঁতক কোৱাৰ পিছতো মনলৈ প্ৰশ্ন আহে, সঁচাই কিয় ইমান আবেগ নাই আমাৰ ! আমি কথাবোৰ ইমান বেছি আবেগিক হৈ ভাবিলে জানো কাম কৰিব পাৰিম ! পৃথিৱীত প্ৰত্যেক মানুহে একোটা নিৰ্দ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য লৈ আহে। কোনোবা সময়ত এই লক্ষ্য প্ৰাপ্তিৰ দিশত গৈ থাকোঁতে মাজভাগত উজুটি খায়। কোনোবাই প্ৰতাৰণা কৰি তাৰ ভিত্তিত নিজেই আকৌ দোষী সাব্যস্ত কৰে। কোনোবাই মিঠা কথাৰে মন ভুলাই সৰ্বস্ব ধ্বংস কৰে। প্ৰত্যেক মানুহেই সুবিধাবাদী। সহজে বিশ্বাস কৰি ল'ব নোৱাৰি। তেনেস্থলত আজিৰ উঠি অহা প্ৰজন্মটো স্বাৰ্থপৰ হোৱাটো স্বাভাৱিক। অতিমাত্ৰা বন্ধুত্ব কেতিয়াবা বিপদত পৰিণত হয়। এই পৃথিৱীত বিশ্বাস কৰিব পৰা হাত এখনৰ অভাৱ কিন্তু প্ৰতাৰণাৰ জাল অধিক। মানুহে আজিকালি নিজৰ মাজতে একোখন পৃথিৱী সাজি লয় আৰু কষ্ট নোপোৱাকৈ সেই পৃথিৱীখনতে জীয়াই থাকিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। এই প্ৰজন্মই আপোনৰ মাজত হিংসা, হত্যাৰ ছবিখন দেখিছে, মাটি - সম্পত্তিৰ বাবে হোৱা ভাই - ভাইৰ সংঘৰ্ষ দেখিছে, বেয়া কামত লিপ্ত হৈ ভাল মানুহ বেয়া হোৱা দেখিছে, টকা খাই আনন্দ পোৱা মানুহ দেখিছে। আচলতে এই প্ৰজন্মৰ প্ৰতিজন প্ৰতিনিধিয়ে একোখন ঘৰত ঘৰ শত্ৰু বিভীষণ আছে বুলি প্ৰমাণ পাইছে। এই প্ৰজন্মৰ হাতত স্মাৰ্টফোন, চকুত ৰঙীন পৃথিৱী, গতিকে তেওঁলোকে বুজি নাপায় অলপ মৰমৰ আদান-প্ৰদানে একোটা সম্পৰ্ক জীপাল কৰে। আজিকালি সন্তানক নিজৰ মানুহৰ ঘৰলৈ পিতৃ-মাতৃয়ে নিনিয়ে। গতিকে সম্বন্ধ নাজানে, কাকো চিনি নাপায়। টকাই যেনেকৈ মানুহক যন্ত্ৰ সজাইছে, ঠিক তেনেকৈ আবেগ অনুভূতিৰ অভাৱ ঘটাইছে। সময় আৰু পৰিস্থিতিৰ গ্ৰাসত সকলো বাধ্য। প্ৰতিযোগিতাত স্থান লাভৰ আশাৰে সকলোৱে দৌৰিছে। আগতেও মানুহে পঢ়িছিল, চাকৰি কৰিছিল কিন্তু আজিৰ দৰে চিন্তা নাছিল। এতিয়া কেৰিয়াৰৰ চিন্তা প্ৰথম। তদুপৰি তেতিয়া দৰমহা কম আছিল, মানুহে সুন্দৰকৈ শিকিব পাৰিছিল। কিন্তু বৰ্তমান লাখ টকা দৰমহাইও কাকো মনত শান্তি দিব নোৱাৰে। আচলতে আবেগ ধৰি থাকিলে সিদ্ধান্ত ভুল হৈ যোৱাৰ সম্ভাৱনা থাকে। সেয়ে আবেগতকৈ আজিৰ প্ৰজন্মই বিবেকক গুৰুত্ব দিয়ে। আচলতে এই প্ৰজন্মই কিছুমান বিবেক হীন কৰ্ম নকৰা নহয়, কিন্তু এই প্ৰজন্মটোৱে নিজক পুতলা নাচৰ পুতলাৰ দৰে নচুৱাব খুজিছে। সময়ে গতি সলোৱাদি জীৱন সলনি হয়  সকলোৰে। আগৰ দিনৰ মানুহবোৰৰ দৰে আজিকালি কথাবোৰ ভাবিবলৈ গ’লে কামত যতি পৰিব। পৰিশ্ৰম মনৰ, সেয়ে শান্তি দুৰ্লভ। আজিৰ দিনত কোনেও কাৰো কথা চিন্তা নকৰে। আজিকালি সত্য কথা কোৱা মানুহক সকলোৱে বেয়া পায়। আমি এনেকুৱা এটা প্ৰজন্মৰ অংশীদাৰ, যি প্ৰজন্মৰ অনেকেই নাজানে যৌথ পৰিয়ালৰ একতা আৰু মৰমৰ আখ্যান, কিয়নো সকলোৱে পৰিস্থিতিৰ তাগিদাত একক পৰিয়াল পাতি বসবাস কৰে। এই প্ৰজন্মই প্ৰতাৰণা দেখিছে কিন্তু আন্তৰিকতা নাই দেখা। প্ৰতি খোজত উজুটি খোৱা এই প্ৰজন্মই সহজে মানুহক বিশ্বাস নকৰে। সহজে মিলি যাবলৈ ভয় কৰে আজিৰ প্ৰজন্মই। কিয়নো সকলোতে বিপদৰ চিন। “পানীৰ তলৰ কাঁইট” যেন পৃথিৱীত ঢেৰ আছে, গতিকে এই যুগত অকলে খোজ দিয়াতকৈ নিৰাপদ একো নাই। আবেগবিহীন এই প্ৰজন্মৰ এগৰাকী হৈ মাথোঁ এটাই কামনা কৰোঁ, কোনেও যাতে জাতীয় সত্বা নেহেৰুৱায়। চৰিত্ৰৰ স্খলন যাতে নহয়। পিতৃ-মাতৃৰ প্ৰকৃত সন্তান হিচাপে চিৰকাল নাম আৰু খ্যাতি ৰক্ষা কৰি যাব পাৰে যেন। 


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages