জীয়াই থকাৰ দৰে, ঠিক জীৱন নহয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, May 31, 2025

জীয়াই থকাৰ দৰে, ঠিক জীৱন নহয়

 

জীয়াই থকাৰ দৰে, ঠিক জীৱন নহয়


মাধুৰ্য প্ৰিয়ম দাস

তেজপুৰ বিশ্ববিদ্যালয়


অধ্যায় (১)


: “Look, how beautiful the moon is!”

      মোৰ পৰা বিনিময়ত এটা হাঁহি আছিল মাথোঁ। তাৰ বাহিৰে আৰু...?

     সেইদিনা জোনটো সঁচাকৈয়ে ধুনীয়া লাগিছিল, ছোৱালী হোষ্টেলৰ মুখৰ আগৰ ৰাস্তাটোৰে গৈ থাকোঁতে মই বাৰে বাৰে চাইছিলোঁ জোনটোলৈ। সাধাৰণতে জোনক চোৱাৰ মোৰ অভ্যাস নাই; ‘যিবোৰ মানুহ প্ৰেমত বিফল হয় সিহঁতৰ জোনক চোৱাৰ সাহস নাথাকে’। মোৰ মাজুলীপৰীয়া মনটো এমাহ পাছলৈ দৌৰি গৈছিল, এমাহ পাছত আজিৰ দিনটোতে ৰাসী পূৰ্ণিমা, আকৌ আমি সাক্ষী হ’ম অলপ ভালপোৱাৰ, তাৰপিছত? তাৰপিছতনো আৰু কি? ভালপোৱাৰ পাছত সেই একেই বিৰহ, একেই বেদনা। 

      এই যে মোৰ হাঁহিটো! সকলো বুজিও একো নুবুজাৰ দৰে যেতিয়াই তেতিয়াই ওলাই আহে, কি যে এটা চৰম মুৰ্খামি এয়া! 

        প্ৰতিটো কথাটেই কবিতা বিচাৰি ফুৰা মই, কি পাতি  আছিলোঁ আমি? অ ‘নিৰিবিলি’, ‘জে ই চি’ ৰ কথা। এটা সময়ত প্ৰেমৰ উপন্যাস পঢ়িছিলোঁ ‘নৈ বৈ যায়’, ‘মৌন ওঁঠ মুখৰ হৃদয়’ ইত্যাদি ইত্যাদি তাৰপিছত একোৱেই ভাল নলগা হৈছিল। ‘প্ৰেম নহ’লে জীয়াই থাকিব নোৱাৰি’ বুলি থকা ভ্ৰমটো মোৰ হঠাতে আঁতৰিছিল। কাক লগ পালোঁ ইয়াত আহি? নিজেই নিজক হেৰুৱাই সমাধিত ছতিয়াই দিলোঁ ৰঙা ফুল।

          বিশ্ববিদ্যালয়ত তিনিটা মাহ শেষ হঁও হঁও।

মোৰ ইচ্ছাত এয়াই হ’ব আমাৰ শেষ কথা। তেওঁৰ মৰমৰ আবদাৰ মই সহিব নোৱাৰো। শেষবাৰ তেওঁৰ লগত কথা হঁওতে তেওঁ আছিল জীৱন আৰু আজি তেওঁ হৈ ৰ’ল এটা সংখ্যা। 

     যোৱাৰাতি ককাই সপোনতে কোৱা শুনিলোঁ ‘প্ৰেমত মৰা মানুহক স্বহীদ বুলি নকয় সোন’।    

     ইমান খিনিয়েই, আমাৰ কাহিনী বুলিবলৈ আৰু একো নাছিল। একো নাছিল?

: ভালপাওঁ তোমাক

   ৰঙা-ছিঙা পৰা হাঁহি, অলপ লাজ, কিছু কনভেনশ্যনেল ক্লিশ্বে–

       আৰু?

       আৰু….


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages