AI আশীৰ্বাদ নে অভিশাপ ?
দীপশিখা ফুকন
বৰ্তমান যুগ কেৱল প্ৰযুক্তিৰ যুগ হৈ থকা নাই। কেৱল প্ৰযুক্তিৰ যুগ বুলিলেই ভুল কোৱা হ’ব, এয়া হৈছে প্ৰযুক্তিৰ শীৰ্ষবিন্দুলৈ উত্তৰণ ঘটাৰ মানৱ প্ৰতিযোগিতাৰ যুগ। যদিও ইয়াত শেহতীয়াভাৱে সংযোজিত হৈছে কৃত্ৰিম বুদ্ধিমত্তা (AI)। তথাপিও বৰ্তমান সময়ত AI ক দুমুখীয়া তৰোৱাল হিচাপেও বিবেচনা কৰা হৈছে। এফালে AI ৰ প্ৰতিশ্ৰুতি আৰু আনফালে মানৱ মূৰ্খতা। যিকোনো এটা বিষয়ৰ সহজ উপায় বিচাৰি মানুহে নিজৰ মগজুৰ সঠিক ব্যৱহাৰ কৰিবলৈ প্ৰায় পাহৰি গৈছে। কথাতে কয় নহয় বোলে ব্যৱহাৰ নকৰিলে দবোৱা কটাৰীও মামৰে ধৰে। ঠিক সেইদৰে আমাৰ মগজুও মামৰে ধৰাৰ পথতেই আগবাঢ়িছে। সময় থাকোঁতেই সকলোৱে বিষয়টোৰ বুজ লোৱা দৰকাৰ। যাতে সহজতকৈ সহজ পথ বিচাৰি কোনোৱে নিজৰ মানসিকতাকে সত্যা নকৰে।
বিষয়ৰ গভীৰলৈ যোৱা প্ৰাকক্ষণত আহক বিহংগম দৃষ্টিৰে জুমি চাওঁ AI কি ?
AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা। ই আমাৰ সৰ্বদা ব্যৱহৃত এটা নাম যদিও বহুতে AI কি গমেই নাপাওঁ, অথচ দৈনন্দিন আমি এই AI ৰ ব্যৱহাৰ কৰিয়েই আহিছোঁ। বহু দূৰলৈ যাব নালাগে আমি হাতত লৈ থকা ম’বাইল ফোনটোৱেই ইয়াৰ প্ৰমাণ।
AI, ইয়াৰ সংক্ষিপ্ত ৰূপ হৈছে Artificial Intelligence। ই হৈছে যন্ত্ৰ অথবা কম্পিউটাৰৰ দ্বাৰা প্ৰদৰ্শিত আৰু পৰিচালিত বুদ্ধিমত্তা। সাধাৰণতে মানুহে যেতিয়া প্ৰাকৃতিক বুদ্ধিমত্তাৰে কৰিব পৰা কেতবোৰ কাম ডিজিটেল কম্পিউটাৰ নাইবা কম্পিউটাৰ নিয়ন্ত্ৰিত যন্ত্ৰৰে সম্পন্ন কৰে, তেতিয়াই আমি তাক কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (চমুকৈ AI) বুলি ক’ব পাৰোঁ।
এই কৃত্ৰিম বুদ্ধিমত্তাৰ বাবেই পৃথিৱীখন আমি ভবাতকৈ প্ৰায় দহগুণ বেগত দৌৰিবলৈ লৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ ফলতেই আমি যিকোনো কাম কম সময়ৰ ভিতৰত সহজতেই সমাধান কৰিব পাৰিছো, যিটো কাম কৰিবলৈ ৫ জন মানুহৰ প্ৰয়োজন তাত AI য়ে যন্ত্ৰৰ সহায়ত মানুহ অবিহনেই কম সময়ৰ ভিতৰত সমাধান কৰি আহিছে। কৃত্ৰিম বুদ্ধিমত্তা কম্পিউটাৰ বিজ্ঞানৰ এটি বিভাগ, য’ত মানুহৰ বুদ্ধিমত্তা আৰু চিন্তাশক্তিক কম্পিউটাৰৰ দ্বাৰা অনুকৰণ কৰাৰ চেষ্টা কৰা হয়। উদাহৰণস্বৰূপে - আমাৰ ম’বাইল অথবা কম্পিউটাৰত থকা সকলোৰে পৰিচিত Google search, google map, chrome, face detection, বিভিন্ন সামাজিক মাধ্যম, গান শুনা, video চোৱা কেতবোৰ এপ্লিকেচন, ব্যক্তিগত সহায়কাৰী কিছুমান ছীৰী (SIRI), এলেক্সা আদিৰ কথাকে দোহাৰিব পাৰোঁ। ইয়াৰোপৰি জনপ্ৰিয় ই-কমাৰ্ছ ৱেবছাইট “Amazon” আৰু বিশ্বৰ প্ৰসিদ্ধ ভিডিঅ' ষ্ট্ৰিমিং ৱেবছাইট “Netflix” তটো কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক প্ৰয়োগ হোৱা দেখা যায়।
জন ম্যাকার্থিয়ে সর্বপ্রথম বিশ্বক Artificial Intelligence ৰ সম্পর্কে কৈছিল। তেওঁ এগৰাকী আমেৰিকান আছিল, যিয়ে 1956 চনত ডার্টমাউথ সন্মিলনত প্রথমবাৰৰ বাবে এই যুক্তি দাঙি ধৰিছিল। কিন্তু তেতিয়া মানুহে বিশ্বাস কৰা নাছিল। মানুহৰ মনত ভিন্ন প্ৰশ্নৰ উদয় হৈছিল। কেনেকৈ সম্ভৱ, এটা মেচিনত বা এটা প্ৰগ্ৰেমত মানুহৰ দৰে বুদ্ধিমত্তাৰ শক্তি দিয়া। কিন্তু আজি এইয়া সম্ভৱ। আন নালাগে, সৰ্বদা ব্যৱহৃত কম্পিউটাৰ, মোবাইল ফোন ইত্যাদিয়েই ইয়াৰ প্ৰমাণ।
উল্লেখযোগ্য যে, ১৯৫৬ চনৰ শেষৰফালে কৃত্ৰিম বুদ্ধিমত্তাক পাঠ্যক্ৰমৰ এক বিষয় হিচাপেও অন্তৰ্ভুক্ত কৰা হৈছিল।কিন্তু পৰৱৰ্তী সময়ত এই নতুন ধাৰণাটোৱে মিশ্ৰিত সমালোচনাৰ সন্মুখীন হয় আৰু ১৯৭৪ পৰা ১৯৮০ চনৰ লৈকে প্ৰায় ৬ বছৰ এই গৱেষণা প্ৰায় স্থবিৰ হৈ পৰিছিল, যাক ‘কৃত্ৰিম বুদ্ধিমত্তাৰ শীতকাল’ বুলি কোৱা হৈছিল। পাছত ১৯৯০ চনৰ শেষৰফালে আৰু একবিংশ শতিকাৰ আগচোৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ বহুল প্ৰয়োগ হোৱা দেখিবলৈ পোৱা যায়। এনে কি ঠাই নাই য'ত AI ৰ ব্যৱহাৰ হোৱা নাই। চিকিৎসা ক্ষেত্ৰৰ পৰা আদি কৰি শিক্ষা, সামৰিক বাহিনী, অফিচ, বেংক ইত্যাদি সকলো ক্ষেত্ৰতে বৰ্তমান ইয়াৰ বহুল ব্যৱহৃত হৈছে।
এই AI মানুহৰ মস্তিষ্কৰ এটা উল্লেখনীয় আৱিষ্কাৰ। য'ত এটা প্ৰগেমে আপোনাক, আপুনি বিচৰা ধৰণে সকলো খিনি মেজিকৰ দৰে কৰি দিব পাৰে। ২৪ ঘণ্টাই সহায় আৰু কাম কৰিব পৰা এটা Man made মস্তিষ্কই হৈছে AI। যিকোনো এটা কাম সহজেই কম সময়ৰ ভিতৰত সমাধান কৰা এক ব্যৱস্থা হৈছে এই কৃত্ৰিম বুদ্ধিমত্তা। উদাহৰণস্বৰূপে শাৰীৰিক ভাৱে অক্ষম লোকৰ বাবে এই AI এক অন্ধৰ লাখুটিস্বৰূপ। ইয়াৰোপৰি যিকোনো এটা বিষয়ৰ ওপৰত সঠিক জ্ঞান কম সময়ৰ ভিতৰতে সংগ্ৰহ কৰা, মনোৰঞ্জনৰ ভিন্ন মাধ্যম, ভিন্ন কাৰ্য সমাধা যেন data collection,counting, printing, editing, writing, drawing ইত্যাদি ইত্যাদি সকলোখিনি সুবিধাও এই কৃত্ৰিম বুদ্ধিমত্তাই কৰি আহিছে।সাধাৰণতে কোৱা হয় যে জন্ম, মৃত্যু আৰু বিবাহ সকলো ভগৱানৰ হাতত থাকে। কোনেও ইয়াৰ আগতীয়া সম্ভাৱনা ব্যক্ত কৰিব নোৱাৰে। অৱশ্যে কিছু কিছু ক্ষেত্ৰত জন্ম আৰু বিবাহৰ ক্ষণ নিৰ্ধাৰণ মানুহৰ হাতলৈ আহিছে যদিও মৃত্যুৰ পূৰ্বানুমান কৰিব পৰা হোৱা নাছিল। কিন্তু এইবাৰ এই সম্ভাৱনীয়তাৰ বিষয়েও পূৰ্বানুমান কৰিব পৰা অৱস্থা আহিছে। বিজ্ঞানীসকলে এগৰাকী ব্যক্তিৰ মৃত্যুৰ সময়ৰ ভৱিষ্যদ্বাণী কৰাৰ সম্ভাৱনাৰ ওচৰলৈ আগবাঢ়িছে। ‘ডুম কেলকুলেটৰ’' নামেৰে পৰিচিত নতুনকৈ বিকশিত কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ মৃত্যুৰ সময় নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছে। ই পোনপটীয়া ভাৱেই চাৰি বছৰৰ সময়সীমাৰ ভিতৰত কোনো মানুহৰ মৃত্যু হ'বনে নহয় নিৰ্ধাৰণ কৰাত প্ৰায় ৭৫% তকৈ অধিক ভৱিষ্যদ্বাণীৰ শুদ্ধতা প্ৰদৰ্শন কৰিছে।
মুঠ কথাত এই কৃত্ৰিম বুদ্ধিমত্তা আমাৰ বাবে এক আশীৰ্বাদস্বৰূপ হৈ থিয় দিছে। কিন্তু জানে নে এই আশীৰ্বাদ আমাৰ বাবে এক ভয়ংকৰ অভিশাপ ? ই আমাৰ ভৱিষ্যত প্ৰজন্মক অন্ধকাৰ পথলৈ থেলি দিছে ।বৰ্তমান দৈনন্দিন জীৱনত এই কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰু প্ৰয়োগ ক্ৰমাৎ বাঢ়ি আহিছে। হয়তো অহা দহ - বাৰ বছৰৰ ভিতৰত AI ইমান বেছি আগুৱাই যাব যে, আমি নিজৰ দক্ষতাৰ বিকাশ নকৰিলে অসুৰক্ষিত ভৱিষ্যতৰ দিশে ধাৱমান হব লাগিব।
যিহেতু AI মানুহৰ দৰে নীতি বা নৈতিকতাৰ প্ৰগ্ৰেম নহয়। গতিকে Cyber criminal য়ে ইয়াৰ কি কৰিব পাৰে সেয়া বিতং ভাৱে হয়তো অৱগত নকৰিলেও হ'ব। ঠিক ৰবট চিনেমা খনৰ দৰে। প্ৰগ্ৰেম কৰি এটা ভাল ৰবটক বেয়া ৰবট বনাই দিয়াৰ দৰেই। ইয়াৰোপৰি editing ৰ জৰিয়তে AI য়ে আমাৰ নগ্ন ফটো বনাব পাৰে। আমাৰ চেহেৰা সংলগ্ন কৰি অশ্লীল ভিডিও বনাব পাৰে। আমাৰ ভইচ ৰেকৰ্ড কৰি কাৰোবাক ফোন, মেছেজ পঠাব পাৰে, লগতে আপোনাৰ, মোৰ সকলোৰে ফোন, মেইল সকলো নিমিষতে হেক কৰি দিব পাৰে। যাৰ ফলস্বৰূপে বহুজনে বহু ভাবুকিৰ বশৱৰ্তী হৈ আত্মহত্যাৰ দৰে ভয়ংকৰ পথ বাচি লোৱাৰো উদাহৰণ আমি দেখিবলৈ পাইছো। আনকি ইয়াৰ ফলত নিবনুৱাৰ হাৰ ও বাঢ়ি যাব, য'ত মানুহৰ সলনি বহুত কাম AI য়ে কৰিব। Just imagine... এইয়া একেবাৰেই সৰু বিষয় নহয়।
কল্পনা কৰকচোন, যদি এটা মেচিনে বা এটা ৰবটে আপোনাৰ সকলো কাম নিপুনতাৰে কৰিব পাৰে, মানুহৰ বাবে যিখিনি কৰিবলৈ কষ্টকৰ মেচিনে যদি সেইখিনি সহজে কৰিব পাৰে, আপোনাৰ-মোৰ দৰে ভাবিব পাৰে, অনুভৱ কৰিব পাৰে, তেতিয়া কি হ'ব?এনেধৰণৰ মেচিন বৰ্তমান পৃথিৱীত প্ৰায় উদ্ভাৱন হোৱাৰ দিশত। যদিও কোনো ধনী দেশত ইয়াৰ ব্যৱহাৰ সম্ভৱ হৈছে তথাপিও ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ গোটেই বিশ্বত উপলব্ধ নহয়। তথাপি শেহতীয়াকৈ জানিব পাৰিছো অসমৰ ৰয়েল গ্লোবেল স্কুলত AI সম্পন্ন এগৰাকী মেখেলা চাদৰ পৰিহিতা যন্ত্ৰমানৱ “আইৰিচে” শ্ৰেণীকোঠাত পাঠদান কৰে। য’ত তেওঁক ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছিল আৰু তেওঁ খুব সুন্দৰকৈ উত্তৰ দিছিল। বৰ্তমান সময়ত কৃত্ৰিম বুদ্ধিমত্তা আদিস্তৰত আছে, পূৰ্ণ বিকাশ হোৱা নাই যদিও তিব্ৰ গতিত বিকাশৰ কাম চলি আছে। পৃথিৱীৰ বৃহৎ গুগল, এপল, আমাজন আদি কোম্পানীসমূহে ইতিমধ্যে কৃত্ৰিম বুদ্ধিমত্তাক ব্যৱহাৰ কৰিছে আৰু বিকাশৰ বাবে কাম কৰি আছে, যাতে মানুহৰ কামবোৰক আৰু সহজ কৰিব পাৰি। আমাজনৰ এলেক্সা, এপলৰ চিৰি, গুগলৰ গুগল এচিষ্টেণ্ট আদি এনেধৰণৰ কিছুমান কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰ’গেম। এই প্ৰ’গেমবোৰে আমাক বহু সুবিধা দিছে। বহু বিজ্ঞানীৰ মতে কৃত্ৰিম বুদ্ধিমত্তা সৃষ্টি কৰিব পৰাটো মানুহৰ বাবে এক বৃহৎ সাফল্য। সঁচাকৈয়ে কৃত্ৰিম বুদ্ধিমত্তা মানুহৰ বাবে এক মহান আৱিষ্কাৰ হয় নে?
আমি এটা কাহিনীৰ মাজলৈ আহিছো - ২০১৭ চনৰ আৰম্ভণিতে facebook প্ৰগ্ৰেমিং উন্নয়নৰ বাবে At chat board য়ে কাম কৰি আছিল। এই চাৰ্ট বৰ্ড মানুহৰ মাজত কথোপকথনৰ বাবে ব্যৱহাৰ উপযোগী কৰাৰ কাৰণে কাম কৰিছিল। তেনে সময়তে এজন গৱেষকৰ মনত দুখন At chat board ৰ মাজত কথোপকথন কৰোৱাৰ ভাৱ আহিল। আৰু যেতিয়া তেওঁ সেইটো কৰিলে, তেতিয়াই এক বিস্ময়কৰ ঘটনা ঘটিল। দুই At chat board এ নিজেই এক সুকীয়া ভাষা উদ্ভাৱন কৰি ললে আৰু নিজৰ ভাষাত কথা পাতিবলৈ ধৰিলে, যাক আমাৰ মানৱৰ বাবে বুজি পোৱা অসম্ভৱ আছিল। গৱেষকসকলেও একো ধাৰণা কৰিব নোৱাৰিলে সিহঁতে কি পাতিছে। পিছত অসফলতাৰ অজুহাত দেখুৱাই ফেচবুকে এই প্ৰগ্ৰামিং বন্ধ কৰি দিয়ে।কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ বাবে কাম অব্যাহত থাকিল আৰু বছৰি উচ্চতৰ পৰা উচ্চতলৈ অগ্ৰসৰ হৈ গৈ আছে। উদাহৰণস্বৰূপে - আমি কম্পিউটাৰৰ কথাকে দোহাৰিব পাৰো। ১৮২২ চনতে চাৰ্লচ বেবেজকে আৱিষ্কাৰ কৰা কম্পিউটাৰ প্ৰথম কেৱল গণনা কাৰ্যতহে ব্যৱহাৰ কৰিছিল। পাছত ইয়াত ইয়াৰ প্ৰসাৰ দেখি তাত প্ৰতিচ্ছবি সংযোগ কৰা হয় আৰু বৰ্তমান ভিন্ন ব্যৱস্থা যোগ কৰি আহি আজিৰ এই পৰ্যায় পাইছে। মুঠ কথাত আমাৰ কম্পিউটিং চিষ্টেম অত্যাধুনিকৰ পৰা অত্যাধুনিক হৈ গৈ আছে। আৰু এইবোৰৰ কাৰ্যক্ষমতা দক্ষতা বৃদ্ধি হৈ গৈ এদিন এই বিকাশ চৰম সীমাত উপনীত হ'ব আৰু সেইদিনা কি হ’ব? কৃত্ৰিম বুদ্ধিমত্তাই বাৰু আমাক বহতীয়া কৰি পেলাব নেকি?
আজি আমি নজনাকৈয়ে দৈনন্দিন জীৱনত বহু দিশত AI য়ে প্ৰভাৱ পেলায় আহিছে। উদাহৰণস্বৰূপে ইউটিউবত বা যিকোনো সামাজিক মাধ্যমত আপুনি বিচৰা ধৰণে ভিডিঅ’' পোৱাৰো এক কাৰণ আছে। ইয়াত Machine Learning নামৰ এক প্ৰগ্ৰেমে কাম কৰি থাকে। Amazon, Google আদিৰ দৰে কোম্পানী সমূহেও এনেধৰণৰ Machine Learning প্ৰগ্ৰেম ব্যৱহাৰ কৰে, য’ত আপোনাৰ পচন্দ- অপচন্দৰ বিষয়ে বিতং জ্ঞান থাকে।
বৰ্তমান পৃথিৱীত Advanced technology ৰ কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন ৰবট বা চুপাৰ কম্পিউটাৰ নাই যদিও যি গতিত প্ৰযুক্তিৰ বিকাশ হৈছে, এই গতিত আগন্তুক ৪০/৫০ বছৰৰ ভিতৰত অত্যাধুনিক প্ৰযুক্তিৰ কৃত্ৰিম বুদ্ধিমত্তাযুক্ত চুপাৰ কম্পিউটাৰ সহজলভ্য হৈ পৰিব। বহু বিজ্ঞানী তথা বুদ্ধিজিৱীৰ মতে কৃত্ৰিম বুদ্ধিমত্তাৰ আৱিষ্কাৰ আমাৰ বাবে সকলোতকৈ বেছি বিপদজনক আৱিষ্কাৰ হ’ব। মহান বিজ্ঞানী ষ্টিফেন হকিঙেও কৃত্ৰিম বুদ্ধিমত্তাৰ আৱিষ্কাৰ মানৱ জাতিৰ বাবে এক ভয়ানক বিপদ বুলি অভিহিত কৰি আগজাননী দিছিল। ইলন মাক্সেও কৃত্ৰিম বুদ্ধিমত্তাক মানৱতাৰ বাবে বিপদ বুলিয়ে ভাৱে। তেওঁৰ মতে কৃত্ৰিম বুদ্ধিমত্তাৰ জন্ম দিয়া মানে আসুৰিক শক্তিক আমন্ত্ৰণ দিয়া বুলি ক’ব বিচাৰে।
আমি জানো যে পৃথিৱীৰ আটাইতকৈ বেছি বুদ্ধিয়ক প্ৰাণী বিধ হৈছে আমি মানৱ জাতি। কিন্তু ই কিমান সত্য ? বুদ্ধিমত্তাৰ তুলনাত মানুহৰ স্থান যদি ১০ হয় তেতিয়া AI ৰ স্থান হ’ব ১০০০। গতিকে ভাৱকচোন, মানুহতকৈ কিমান বেছি বুদ্ধিয়ক হ’ব এই মেচিনবোৰ। মানুহৰ মগজু যদিও আটাইতকৈ জটিল সংৰচনা তথাপিও ইয়াৰ ভবাৰ এক সীমা আছে। কিন্তু AI সম্পন্ন ৰবটৰ তেনে কোনো সীমা নাথাকিব। ইহঁত ক্ৰমশঃ শক্তিশালীৰ পৰা শক্তিশালী হৈ গৈ থাকিব আৰু মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰিব; যি ইচ্ছা তাকে কৰিব; অসীমিতভাৱে কম্পিউটিং ক্ষমতা ব্যৱহাৰ কৰিব; চ’ফ্টৱেৰৰ গতি পোহৰৰ বেগৰ সৈতে যদি সমান হয়, তেনেস্থলত এইবোৰে পোহৰৰ গতিত যাত্ৰা কৰিব আৰু কোনো সীমা নাথাকিব। মানুহৰ বাবে এই মেচিনবোৰ নিয়ন্ত্ৰণৰ বাহিৰ হ’লেই মানুহ আৰু মেচিন বা ৰবটৰ মাজত অন্তিম যুদ্ধ হ’ব আৰু এই পৃথিৱীৰ পৰা মানৱ জাতিৰ অস্তিত্ব সেইদিনাই লোপ পাব।
সাধাৰণতে বৰ্ধিত প্ৰযুক্তিগত উন্নতিৰ ছাঁত, কৃত্ৰিম বুদ্ধিমত্তাক লৈ সৃষ্টি হোৱা বিভিন্ন প্ৰত্যাশা এতিয়া অনুমানমূলক কল্পকাহিনীৰ পৰা বিশ্বজনীন উদ্বেগলৈ স্থানান্তৰিত হৈছে। এই আলোচনাৰ কেন্দ্ৰবিন্দুত মানৱীয় দুৰ্বলতা আৰু ত্ৰুটিৰ বিৰুদ্ধে AI ৰ সীমাহীন সম্ভাৱনাৰ সম্পৰ্ক আছে। আমি যদি AI যুগৰ গভীৰতাত প্ৰৱেশ কৰোঁ, তেন্তে আটাইতকৈ গুৰুতৰ বিপদাশংকা আৰু পুৰস্কাৰবোৰ উদ্ঘাটিত কৰিব পাৰো, যিয়ে বিশ্ব অৰ্থনৈতিক মঞ্চৰ দৰে আন্তৰ্জাতিক সংস্থাৰ পৰা প্ৰযুক্তিগতভাৱে উন্নত ৰাষ্ট্ৰসমূহৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰে আৰু ই এক নতুন ধৰণৰ শীতল যুদ্ধৰ কাষত থিয় হৈ আছে। আটাইতকৈ ভয়ংকৰ বিপদ শংকাবোৰৰ ভিতৰত এটা হৈছে ডিপফেক, অত্যাধুনিক ডিজিটেল জালিয়াতিৰ আগমন, যিয়ে বাস্তৱ আৰু কল্পকাহিনীৰ মাজৰ ৰেখাবোৰ অস্পষ্ট কৰে আৰু ডিজিটেল যোগাযোগৰ ওপৰত বিশ্বাস হ্ৰাস কৰে। যিয়ে বিশ্বজনীন সুৰক্ষা আৰু তথ্য অখণ্ডতাৰ বাবে এক অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে বহুল প্ৰচলিত CC TV Camera, য’ত এজন দুখীয়া নিবনুৱাই চকীদাৰী কৰি ভাত এগৰাহ যোগাৰ কৰি আহিছিল সেই কাম AI য়ে কৰিবলৈ লৈছে। আকৌ উদ্যোগ, কাৰখানা, সামৰিক ক্ষেত্ৰ, চিকিৎসা ক্ষেত্ৰ আদিও নুই কৰিব নোৱাৰি। য’ত সকলো AI য়ে গ্ৰাহ কৰিছে। ফলস্বৰূপে নিবনুৱাৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে।
হয় AI য়ে আমাক অন্ধকাৰ পথলৈ থেলি দিছে, কিন্তু এই AI অভিশাপৰ সমান্তৰালকৈ আশীৰ্বাদস্বৰূপো হয়। AI ত কেৰিয়াৰ গঢ়াও সম্ভৱ। যদি আগ্ৰহী তেন্তে বহু কেইবাটাও শৈক্ষিক পথ ল’ব পাৰে। প্ৰথমে কম্পিউটাৰ বিজ্ঞান বা তথ্য বিজ্ঞানত বিটেক ডিগ্ৰী ল'ব লাগিব। লগতে গণিত, পৰিসংখ্যা বা অভিযান্ত্ৰিক বিষয়ৰ কথাও বিবেচনা কৰিব লাগিব। কাৰ্যসূচীসমূহে আমাক এআইৰ মূল ধাৰণাসমূহৰ ওপৰত এক শক্তিশালী ভেটি দিব। ইয়াৰ ভিতৰত প্ৰধানকৈ ডাটা ষ্ট্ৰাকচাৰ, প্ৰগ্ৰেমিং লেংগুৱেজ আৰু মেচিন লাৰ্নিং আদি অন্তৰ্ভুক্ত। বহু বিশ্ববিদ্যালয়ে এতিয়া বিশেষ এআই বা মেচিন লাৰ্নিং ডিগ্ৰী প্ৰদান কৰে। তেওঁলোকে বৰ্তমানৰ প্ৰগ্ৰেমসমূহৰ ভিতৰত ট্ৰেক কৰে। প্ৰগ্ৰেমসমূহে এআইৰ ধাৰণাসমূহৰ মাজত গভীৰভাৱে গৱেষণা কৰে আৰু ক্ষেত্ৰখনত ব্যৱহৃত সঁজুলি আৰু কৌশলৰ সৈতে হাতে কামে অভিজ্ঞতা প্ৰদান কৰে। আকৌ বাধ্যতামূলক নহ’লেও এআই বা আনুষংগিক ক্ষেত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাটো লাভজনক। ইয়াৰ ফলত চাকৰিৰ বজাৰত প্ৰতিযোগিতামূলকভাৱে আগবাঢ়ি যাব পাৰি। লগতে এআই অভিযন্তাৰ বাবে প্ৰয়োজনীয় দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে। সমান্তৰালকৈ বাস্তৱ জগতৰ অভিজ্ঞতা লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ। য’ত শক্তিশালী বিশ্লেষণাত্মক আৰু সমস্যা সমাধানৰ ক্ষমতা জড়িত হৈ থাকে।
সদৌশেষত ক’ব পাৰি যে বৰ্তমান সময়ত AI দুমুখীয়া তৰোৱাল হিচাপে বিবেচনা হৈছে। এফালে যদি AI ৰ আশীৰ্বাদ আনফালে আকৌ AI ৰ অভিশাপ। গতিকে সময় থাকোতেই সকলোৱে বিষয়ৰ বুজ লোৱা দৰকাৰ। যাতে সহজতকৈ সহজ পথ বিচাৰি কোনোৱে নিজৰ মানসিকতাকে সত্যা নকৰে যেন।
ঠিকনাঃ
দীপশিখা ফুকন
সাহিত্য আৰু আলোচনী সম্পাদক, গড়গাঁও মহাবিদ্যালয়।
যোগাযোগ - ৮০১১৩১২৭৭৮
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment