মে’ দিৱসৰ তাৎপৰ্য্য আৰু ইয়াৰ আধুনিক দৃষ্টিভংগী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

মে’ দিৱসৰ তাৎপৰ্য্য আৰু ইয়াৰ আধুনিক দৃষ্টিভংগী


 মে’ দিৱসৰ তাৎপৰ্য্য আৰু ইয়াৰ আধুনিক দৃষ্টিভংগী


প্ৰকাশ দত্ত


“দলিতৰ, পেষিত্ৰ,

ক্ষুধিতৰ, ভূষিতৰ,

লাঞ্ছিতৰ মাথোঁ হাহাকাৰ।

ধ্যানমগ্ন মহাকাল সম মই

সেইহে জাগিলোঁ আজি

ভীষণ ৰূপেৰে সাজি

বিদ্যুৎ-বিপ্লৱ-বহ্নি জ্বালি

তিমিৰৰ মহাগর্ভ ফালি।”

                  -জ্যোতিপ্ৰসাদ


মে’ দিৱস, এই দিবসৰ সৃষ্টি হ’ল খাটি খোৱা সেইসকল লোকৰ ওপৰত এক শ্ৰেনীৰ লোকে ধাৰাবাহিকভাবে চলাই যোৱা শোষন, অত্যাচাৰ, অন্যায় আদিৰ ফলশ্ৰুতিত। মে’ দিৱস বুলিলে আমাৰ অন্তৰ-আত্মাত প্ৰবাহিত হয় শ্ৰমিকসকলৰ ওপৰত মালিক পক্ষৰ অমানুষিক অত্যাচাৰৰ এখন বৰ্বৰ ছৱি। সময়ৰ সোঁতত নিজ প্ৰাপ্য আৰু অত্যাচাৰৰ পৰা পৰিত্ৰান পাবৰ বাবেই শ্ৰমিকসকলে  আন্দোলনৰ বাটেৰে সমগ্ৰ বিশ্বৰ বুকুত খোদিত কৰিলে মে’ দিবস। মে’ দিৱসটো এক আন্তৰ্জাতিক দিৱস যিটো দিৱসত বিশ্বৰ সকলো দেশতে, সকলো নগৰ - চহৰতে ১  মে’ৰ দিনা সমাজৰ সকলো লোকক একগোট কৰি ৰাখি খাটি খোৱা শ্ৰমজীৱীলোকে জীৱনক জীয়াই ৰাখিবলৈ  প্ৰতিজ্ঞাবদ্ধ হয়, অতীতক সোঁৱৰণ কৰে আৰু নতুন সংকল্প গ্ৰহণ কৰে, যাতে অনাগত দিনবোৰত কৰ্মজীৱন আৰু জীৱন যাত্ৰাৰ মান উন্নততৰ কৰাৰ হকে নতুন কৰ্মোদ্যমেৰে আগবাঢ়ি যাব পাৰে।

    শ্ৰমিকসকলৰ  আন্দোলনৰ পটভূমিত উদযাপিত  হোৱা মে’ দিৱসৰ তাৎপৰ্য্য ইতিহাসৰ বুকুত এক গুৰুত্বপূৰ্ণ ঘটনা। মে’ দিৱসৰ পালন  ঊনবিংশ শতিকাৰ পৰা চলি আহি  আজি   দুটা শতিকা অতিক্ৰম কৰি  একবিংশ শতিকাৰ এই বৰ্ষলৈকে  পালন কৰা হৈছে। প্ৰতিটো বছৰৰ মে’ মাহৰ প্ৰথম দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে ঘোষিত হোৱাৰ এক স্মৰণীয় ইতিহাস আছে।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত শ্ৰমিকৰ ওপৰত  ১৮৮৬ চনৰ ১ মে’ত  কৰা গুলি চালনা আৰু এই গুলি চালনাত নিহত হোৱা ১১ জন শ্ৰমিক, যি কেইগৰাকীক পিছলৈ ছহিদ হিচাপে ঘোষণা কৰা হৈছিল। এই ঘটনাই আছিল মে' দিৱসৰ জন্মৰ প্ৰকৃত কাৰণ।

    ইতিহাসৰ পাত লুটিয়াওতে আমি দেখিবলৈ পাইছো যে শিল্প বিপ্লৱৰ পিছৰে পৰাই বৃহৎ বৃহৎ কল-কাৰখানা সমুহ  গঢ় লৈ উঠাত যথেষ্ট সংখ্যক শ্ৰমিকৰ প্ৰয়োজন হৈছিল। শ্ৰমিকসকলে সীমাহীন পৰিশ্ৰম কৰিব লগা হৈছিল। উদোগসমুহৰ মালিক হিচাপে এক সম্ভ্ৰান্ত শ্ৰেনীৰ জন্ম হৈছিল যাক আমি পুঁজিপতি বুলিও ক’ব পাৰো। এই পুঁজিপতিসকলে অতি সামান্য মজুৰিৰ বিনিয়মত শ্ৰমিকসকলক দৈনিক ১৮ৰ পৰা ২০ ঘণ্টা পৰ্যন্ত কামত খটুৱাইছিল। যিটো শ্ৰমিকসকলে মানি লোৱা নাছিল আৰু যুক্তিসংগত নহয় বুলি আপত্তি দৰ্শাইছিল। কিন্তু এই  আপত্তি আৰু অন্যায়ৰ প্ৰতিবাদ কৰা শ্ৰমিকসকলে মালিকপক্ষৰ পৰা শাস্তিহে ভোগ কৰিছিল। আৰু দৈহিক শাস্তিৰ ভয়ত বহুসংখ্যক  শ্ৰমিকে অনিচ্ছা সত্বেও কামসমুহ নিয়াৰিকৈ কৰিবলৈ বাধ্য হৈছিল।পুঁজিপতিসকলে শ্ৰমিক শ্ৰেণীৰ ওপৰত চলোৱা এনে অন্যায়ৰ বিৰুদ্ধে ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা কাৰ্লমাক্স আৰু ফ্ৰেডৰিক এংগেলছ গৰজি উঠিল আৰু এটা সংগঠন সৃষ্টি কৰি প্ৰতিবাদ আৰম্ভ কৰিলে।

    প্ৰতিবাদৰ জুইয়ে সমগ্ৰ বিশ্ব ছানি ধৰিলে। ইয়াৰ প্ৰভাৱতেই ১৮৬৪ চনত সৃষ্টি হ’ল আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ। আনহাতে ১৮৮৪ চনত শ্ৰমিক সংস্থাসমূহ একত্ৰিত হৈ এটা ফেডাৰেচন তৈয়াৰ কৰি তেওঁলোকৰ চতুৰ্থ সন্মিলনত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লৈছিল যিটো প্ৰস্তাৱত কোৱা হৈছিল ১৮৮৬ চনৰ ১ মে’ তাৰিখৰ পৰা সকলো শ্ৰমিকে দৈনিক ১৮ ৰ পৰা ২০ ঘণ্টাৰ বিপৰীতে মাত্ৰ ৮ ঘন্টাহে কামৰ সময় বুলি গণ্য কৰিব আৰু বাকী ১৬ ঘণ্টা তেওঁলোকে বিশ্ৰাম আৰু সাংস্কৃতিক বিনোদনৰ মাজেৰে পাৰ কৰিব।

     পৰবৰ্তী সময়ত কলকাৰখানাৰ মালিকসকলক সমগ্ৰ কথা  কাৰ্যকৰী কৰাৰ দাবীৰে শ্ৰমিকসকলে আন্দোলন আৰম্ভ কৰে আৰু মালিক পক্ষক  এই দাবী সমৰ্থন জনোৱাৰ বাবে  ১৮৮৬ চনৰ ১ মে’ তাৰিখটো সময়সীমা বান্ধি দিয়ে। শ্ৰমিকসকলৰ এই দাবী তেওঁলোকে মানি নললে। ইয়াৰ পৰবৰ্তী ১৮৮৬ চনৰ ৪ মে’ৰ সন্ধিয়া শ্ৰমিকসকলে শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে ওলাই আহি চিকাগো নগৰৰ হে-মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত গোট খায়। সেইসময়তে শ্ৰমিকসকলৰ কিছুদুৰ নিলগত  থকা আৰক্ষী দল এটাৰ ওচৰত এটা বোমা বিষ্ফোৰণ হয় আৰু এই ঘটনাত এজন আৰক্ষী বিষয়া নিহত হয়৷ আকস্মিকভাবে ঘটা এই ঘটনাত আৰক্ষী বাহিনী ক্ষোভিত হয় আৰু সংগঠিত হৈ থকা শ্ৰমিকৰ ওপৰত হঠাৎ আক্ৰমণ আৰম্ভ কৰে, য’ত  ১১ জন শ্ৰমিক ছহিদ হয়। এই ঘটনাৰ পিছতেই শ্ৰমিকসকলৰ হৃদয়ত প্ৰায় তিনি বছৰমান এই ক্ষোভৰ জুই জ্বলি থাকিল। চৰকাৰেও কেইজনমান শ্ৰমিক নেতাক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ড বিহে যাতে শ্ৰমিকসকলৰ আন্দোলনৰ সিমানতে অন্ত পৰে। অৱশেষত ১৮৮৯ চনৰ জুলাই মাহৰ ১৭ তাৰিখে পেৰিছত হোৱা শ্ৰমিকৰ আন্তৰ্জাতিক সন্মিলনত এক ঐতিহাসিক সিদ্ধান্ত লোৱা হয় যে চিকাগোৰ সন্মিলনৰ সময়ত ছহিদ হোৱা শ্ৰমিকসকলক শ্ৰদ্ধা আৰু স্মৰণ কৰি তেওঁলোকৰ ত্যাগৰ বিনিময়ত ১৮৯০ চনৰ পৰা প্ৰতি বছৰৰ মে’ মাহৰ ১ তাৰিখৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হ’ব।

    সাম্প্ৰতিক সময়ত মে' দিৱস এখন দেশৰ আন্দোলনৰ কাৰ্যসূচীত সীমাবদ্ধ হৈ থকা নাই অথবা ই বিশ্বৰ শ্ৰমিক-বনুৱা সকলৰ ৮ ঘণ্টীয়া কৰ্মৰ দাবীও হৈ থকা নাই। ইয়াৰ পৰিসৰ বৃদ্ধি হৈছে। ঐক্যবদ্ধ শ্রমিক আন্দোলন আৰু সংগ্ৰামৰ  যোগেদি বিশ্বত শোষণ আৰু নিপীড়ন মুক্ত শ্রমিক ৰাজ প্ৰতিষ্ঠাৰ দিশত আগুৱাই গৈছে। শ্ৰমিকৰ কৰ্মশক্তি, কর্মপ্ৰেৰণা আৰু ঐকান্তিকতাৰ ওপৰতে দেশৰ শিল্পোন্নয়ন নিৰ্ভৰ কৰে; লগতে  দেশৰ প্ৰগতিও নিৰ্ভৰ কৰে। বর্তমান সময়ত  সমাজৰ ভাগ্য নিৰ্ণয়কাৰী শ্রমিক শ্ৰেণীৰ ৰাজত্ব প্রতিষ্ঠিত হৈছে বিশ্বৰ এক-তৃতীয়াংশ দেশত। চিকাগোৰ হে’ মার্কেটৰ ৰক্তাক্ত, মর্মান্তিক ঘটনাৰ ৯৬ বছৰৰ পাছত ১৯৮২ চনত কিউবাত পৃথিৱীত ২৭ কোটি শ্রমিকে প্রতিনিধিত্ব কৰা ১৩৮ খন দেশৰ শ্রমিক প্রতিনিধিসকলৰ “বিশ্ব ট্রেড ইউনিয়ন কংগ্ৰেছ” অনুষ্ঠিত হয়। বিশ্ব শান্তি, শ্রমিকৰ অধিকাৰ সুৰক্ষা আৰু শোষণ মুক্ত সমাজ প্ৰতিষ্ঠাৰ কাৰণে চলোৱা সংগ্ৰামৰ ই এক ঐতিহাসিক আৰু অবিস্মৰণীয় ঘটনা।      

     শ্ৰমিকে নিজৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত এখন দেশক অথবা  উদ্যোগৰ মালিকক যিদৰে উন্নয়নৰ জখলাত এদোপ এদোপকৈ আগুৱাই নিয়ে  সেইসকল শ্ৰমিকৰ কল্যাণ সাধন কৰা দেশবাসীৰ কৰ্তব্য।  উন্নয়নৰ উচ্চ শিখৰত আৰোহন কৰা বিশ্বৰ বুকুত আজিও কিন্তু শ্ৰমিকসকল বিভিন্ন সময়ত শোষিত, পিড়ীত, অন্যায় অত্যাচাৰ, অবিচাৰৰ বলি হৈ আছে। সমাজ সচেতন নহলে কিন্তু দেশ উন্নয়নত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা এই সকল লোক সদায়েই অবহেলিত হৈ ৰ’ব।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages