মর্মিতা মিত্রৰ বাউঞ্চাৰঃ কিছু চিন্তনীয় দিশ
বিজয় পাংগিং
দিচাংমূখ, শিৱসাগৰ
অসমৰ জাতীয় উৎসৱ বিহু কেৱল এটা সাংস্কৃতিক অনুষ্ঠান নহয়, ই অসমীয়া জাতিৰ পৰিচয়, ঐক্য আৰু উৎসাহৰ প্ৰতীক। প্ৰতি বছৰে উদযাপিত হোৱা এই উৎসৱে অসমীয়া সমাজৰ কৃষি-ভিত্তিক জীৱনশৈলী, প্ৰকৃতিৰ সৈতে সম্পৰ্ক আৰু সামাজিক সমন্বয়ৰ এক অনন্য চিত্ৰ প্ৰকাশ কৰে। বিহুৰ মঞ্চত নৃত্য, গীত আৰু বাদ্যযন্ত্ৰৰ মিলনেৰে গঢ়ি উঠা এই উৎসৱৰ এক স্বকীয় মৰ্যাদা আছে। কিন্তু শেহতীয়াকৈ বংগৰ জনপ্ৰিয় গায়িকা মৰ্মিতা মিত্ৰৰ বিহু অনুষ্ঠানত বাউঞ্চাৰ নিয়োগৰ সিদ্ধান্তই এই পৰম্পৰাগত উৎসৱৰ স্বকীয়তা আৰু সমসাময়িক পৰিৱৰ্তনৰ ওপৰত এক গভীৰ প্ৰশ্নৰ সৃষ্টি কৰিছে। মৰ্মিতা মিত্ৰৰ বাউঞ্চাৰ নিয়াৰ সিদ্ধান্তই বৰ্তমান অসমৰ সমাজৰ বহুতো দিশ উন্মোচন কৰিছে লগতে বহুতো কথা চিন্তা কৰিবলৈ বাধ্য কৰাইছে।
বিহু অসমৰ সাংস্কৃতিক জীৱনৰ এক অবিচ্ছেদ্য অংশ। বহাগ বিহু বা ৰঙালী বিহু বসন্তৰ আগমন আৰু নতুন কৃষি আৰম্ভণিৰ উৎসৱ, মাঘ বিহু বা ভোগালী বিহু শস্য চপোৱাৰ পিছৰ আনন্দ প্ৰকাশ কৰা উৎসৱ, আৰু কাতি বিহু বা কঙালী বিহু কৃষিৰ কঠিন সময়ত প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাৰ এক উৎসৱ। এই তিনিওটা বিহুৰ মাজত ৰঙালী বিহু সৰ্বাধিক জনপ্ৰিয়, য’ত গীত-নৃত্যৰ মাধ্যমেৰে যুৱক-যুৱতীৰ উচ্ছ্বাস আৰু সমাজৰ ঐক্য প্ৰকাশ পায়। বিহুৰ মঞ্চত পৰম্পৰাগত বিহু নৃত্য, বিহু গীত, পেপা, ঢোল আৰু তালৰ সুৰে এক স্বকীয় পৰিৱেশৰ সৃষ্টি কৰে।
বিহুৰ এই পৰম্পৰা শতিকাজুৰি অসমীয়া সমাজৰ মিলা-প্ৰীতিৰ প্ৰতীক হৈ আহিছে। ইয়াৰ মূল আত্মা হৈছে সৰলতা, সামাজিক সমন্বয় আৰু পাৰস্পৰিক শ্ৰদ্ধা। কিন্তু সময়ৰ সৈতে বিহুৰ প্ৰকাশভংগীত পৰিৱৰ্তন আহিছে। আধুনিক যুগত বিহু মঞ্চবোৰ বাণিজ্যিক ৰূপ লৈছে, আৰু পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱৰ লগতে আধুনিক সংগীত আৰু পৰিবেশন শৈলীৰ সংমিশ্ৰণ ঘটিছে। এই পৰিৱৰ্তনে বিহুৰ স্বকীয়তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে, আৰু বৰ্তমান এই বিষয়টো গভীৰভাৱে চৰ্চা’ৰ বিষয় হৈ পৰিছে।
মৰ্মিতা মিত্ৰ, এগৰাকী জনপ্ৰিয় বাংলা গায়িকা, শেহতীয়াকৈ অসমৰ বিহু মঞ্চত তেওঁৰ অসমীয়া গীত পৰিৱেশনৰ বাবে চৰ্চাত আহিছে। তেওঁৰ গীত আৰু পৰিৱেশনৰ শৈলীয়ে দৰ্শকৰ মাজত এক বৃহৎ আকৰ্ষণ লাভ কৰিছে, যাৰ ফলত তেওঁৰ জনপ্ৰিয়তা আগৰ তুলনাত দুগুণ বৃদ্ধি পাইছে। কিন্তু তেওঁৰ এই সফলতাৰ মাজতে তেওঁৰ বিহু অনুষ্ঠানত বাউঞ্চাৰ নিয়োগৰ সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰিছে। সংবাদ মাধ্যমৰ যোগে তেও নিজৰ সুৰক্ষাৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰিছিল বুলি যদিওবা মন্তব্য প্ৰকাশ কৰিছে কিন্তু তেওৰ এই সিদ্ধান্তক বৰ্তমান বিহুৰ পৰম্পৰাৰ ওপৰত আঘাট বুলি বহুতেই মন্তব্য প্ৰকাশ কৰিছে।
আচলতে বৰ্তমান দেখা গৈছে যে আধুনিক বিহু মঞ্চৰ বহুতো অৱক্ষয় ঘটিছে। এক সময়ৰ মিলা-প্ৰীতিৰে ভৰা এই বিহু অনুষ্ঠান এতিয়া বহু ক্ষেত্ৰত অশান্তি, সুৰাপান আৰু অসামাজিক কাৰ্যকলাপৰ কেন্দ্ৰ হৈ পৰিছে। কিছুমান বিহু মঞ্চত দৰ্শকৰ মাজত হিংসাত্মক ঘটনা, শিল্পীৰ প্ৰতি অশোভন আচৰণ আৰু মঞ্চৰ নিৰাপত্তাৰ অভাৱৰ ঘটনা পোহৰলৈ আহিছে। এনে পৰিস্থিতিত এগৰাকী শিল্পী হিচাপে মৰ্মিতাই নিজৰ সুৰক্ষাৰ কথা ভবাটো অস্বাভাৱিক নহয়। তেওঁৰ বক্তব্য অনুসৰি, তেওঁ নিজকে কেতিয়াও “চেলিব্ৰিটী” হিচাপে নাভাবে, বৰং এগৰাকী সাধাৰণ মানুহ হিচাপে নিজৰ কৰ্মৰ জৰিয়তে দৰ্শকৰ মনোৰঞ্জন কৰিবলৈ চেষ্টা কৰে। এনে পৰিস্থিতিত তেওঁৰ বাউঞ্চাৰ নিয়োগৰ সিদ্ধান্তক ব্যক্তিগত সুৰক্ষাৰ এক প্ৰয়াস বুলিহে অভিহিত কৰে।
দেখা গৈছে যে যদিওবা মৰ্মিতা মিত্ৰই নিজৰ প্ৰাণৰ মমতাত বাউঞ্চাৰৰ এনে পোষকতা কৰিছে কিন্তু মৰ্মিতা মিত্ৰৰ এই পোষকতাত অসমীয়া সমাজে সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাই। বহুতে তেওঁৰ এই পদক্ষেপক বিহুৰ পৰম্পৰাৰ সৰলতা আৰু মিলা-প্ৰীতিৰ ওপৰত আঘাট হিচাপে গণ্য কৰিছে। বিহুৰ মঞ্চ সাধাৰণতে সকলোৰে বাবে মুকলি, য’ত শিল্পী আৰু দৰ্শকৰ মাজত এক পাৰস্পৰিক শ্ৰদ্ধা আৰু সম্পৰ্ক থাকে। তেনে পৰিপেক্ষিতত বাউঞ্চাৰৰ উপস্থিতিয়ে এই মুকলি পৰিৱেশত একপ্ৰকাৰ বাধাৰ সৃষ্টি কৰে বুলি সমালোচকসকলে মত প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, বিহুৰ মঞ্চত বাউন্সাৰৰ উপস্থিতি এই উৎসৱৰ সামাজিক সমন্বয়ৰ আত্মাক ক্ষতিগ্ৰস্ত কৰে আৰু ইয়াক এটা বাণিজ্যিক আৰু পশ্চিমীয়া ৰূপ প্ৰদান কৰে। অৱশ্যে, কিছুমানে মৰ্মিতাৰ সিদ্ধান্তৰ পক্ষও লৈছে, বিশেষকৈ আধুনিক বিহু মঞ্চৰ অৱক্ষয়ৰ প্ৰেক্ষাপটত মিত্ৰৰ পক্ষ লব লগা হৈছে। দেখা গৈছে যে শেহতীয়াকৈ বছৰবোৰত বিহু মঞ্চত অশ্লীল গীত, সুৰাপানৰ প্ৰভাৱত দৰ্শকৰ অসামাজিক আচৰণ, আৰু শিল্পীৰ প্ৰতি অশোভন মন্তব্যৰ ঘটনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত শিল্পীসকলৰ সুৰক্ষা এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। যাৰ বাবে এতিয়া মৰ্মিতাৰ দৰে এগৰাকী জনপ্ৰিয় আৰু বহিৰাগত শিল্পীৰ নিজৰ সুৰক্ষাৰ বাবে বাউঞ্চাৰ নিয়াটো'ত কোনো অসাধাৰণ কাৰ্যকলাপ যেন নালাগে। তেওঁৰ সমৰ্থকসকলৰ মতে, বাউঞ্চাৰ নিয়োগৰ সিদ্ধান্ত বিহুৰ পৰম্পৰাৰ বিৰুদ্ধে নহয়, বৰং আধুনিক সময়ৰ বাস্তৱতাৰ প্ৰতি এক প্ৰতিক্ৰিয়া মাত্ৰ।
লক্ষণীয় যে বৰ্তমান এই বিতৰ্কই বিহু মঞ্চৰ সমসাময়িক অৱস্থাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। এক সময়ৰ সাংস্কৃতিক ঐক্যৰ প্ৰতীক বিহু মঞ্চ এতিয়া বহু ক্ষেত্ৰত বাণিজ্যিক মনোৰঞ্জনৰ কেন্দ্ৰ হৈ পৰিছে। জনপ্ৰিয় শিল্পী'ৰ অশুভ কাৰ্যকলাপ, আধুনিক সংগীতৰ প্ৰভাৱ, আৰু বাণিজ্যিক উদ্যোক্তাৰ হস্তক্ষেপে বিহুৰ মূল আত্মাক ক্ষতিগ্ৰস্ত কৰিছে। সামাজিক মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি, কিছুমান বিহু মঞ্চত তথাকথিত “ইনফ্লুয়েন্সাৰ”ৰ বা বহু নামী বেনামী শিল্পীৰ অসামাজিক আচৰনে দৰ্শকৰ মাজত অশান্তি সৃষ্টি কৰিছে। যাৰ পৰিপেক্ষিতত বৰ্তমান মৰ্মিতা মিত্ৰৰ বাউঞ্চাৰ নিয়োগৰ সিদ্ধান্তক কেৱল তেওঁৰ ব্যক্তিগত সিদ্ধান্ত বুলি দোষাৰূপ কৰিব পৰা নাযায়। বৰং, ই সমগ্ৰ বিহু মঞ্চৰ বাণিজ্যিকীকৰণ আৰু সাংস্কৃতিক অৱক্ষয়ৰ প্ৰতি এক প্ৰতিক্ৰিয়া বুলিহে অভিহিত কৰিব পাৰি। এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপিত হয়: বিহুৰ এই অৱক্ষয়ত দোষ কাৰ? শিল্পীৰ, যিয়ে কেৱল জনপ্ৰিয়তাৰ দৌৰত বিহুৰ আত্মাক পিঠি দিয়াত উঠি পৰি লাগিছে, নে উদ্যোক্তাৰ, যিয়ে বিহুক বাণিজ্যিক মনোৰঞ্জনৰ মাধ্যম বুলিহে গণ্য কৰে? নে সমাজৰ, যিয়ে এই পৰিৱৰ্তনক নীৰৱে গ্ৰহণ কৰিছে?
আচলতে মৰ্মিতা মিত্ৰৰ বাউন্সাৰ নিয়োগৰ ঘটনা কেৱল এটা সাধাৰণ ঘটনা নহয়, ই বিহুৰ পৰম্পৰা আৰু আধুনিকতাৰ মাজৰ সংঘাতৰ এক প্ৰতিফলন। বিহুৰ স্বকীয়তা ৰক্ষা কৰাৰ দায়িত্ব কেৱল শিল্পীৰ নহয়, সমগ্ৰ সমাজৰ। মৰ্মিতাৰ সিদ্ধান্তক বিহুৰ পৰম্পৰাৰ ওপৰত আঘাট হিচাপে দেখাৰ পৰিৱৰ্তে, ইয়াক আধুনিক বিহু মঞ্চৰ নিৰাপত্তাৰ অভাৱ আৰু অৱক্ষয়ৰ প্ৰতি এক সতৰ্কবাণী হিচাপে গ্ৰহণ কৰা উচিত। বিহুৰ পৰম্পৰাক জীয়াই ৰাখিবলৈ হ’লে সমাজৰ সকলো স্তৰৰ মানুহৰ সহযোগিতা প্ৰয়োজন। উদ্যোক্তাসকলে বিহু মঞ্চক বাণিজ্যিক মনোৰঞ্জনৰ পৰিৱৰ্তে সাংস্কৃতিক ঐতিহ্যৰ মঞ্চ হিচাপে প্ৰচাৰ কৰিব লাগে। শিল্পীসকলে বিহুৰ মূল আত্মাক সন্মান জনোৱাৰ লগতে আধুনিকতাৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিব লাগে। আৰু দৰ্শক হিচাপে আমি বিহুৰ মঞ্চত শৃংখলা আৰু শ্ৰদ্ধাৰে পৰিৱেশ বজাই ৰাখিব লাগে। মৰ্মিতা মিত্ৰৰ ঘটনাই আমাক বিহুৰ ভৱিষ্যতৰ প্ৰতি চিন্তা কৰিবলৈ বাধ্য কৰাইছে। এই বিতৰ্কৰ মাজত আমি বিহুৰ পৰম্পৰাক কেনেকৈ সংৰক্ষণ কৰিম আৰু ইয়াক আধুনিক সময়ৰ সৈতে কেনেকৈ খাপ খুৱাম, তাক আমি সঠিক ভাৱে চিন্তা কৰাৰ সময় এতিয়া আহি পৰিছে।
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment