মোক বেলিয়ে বাট দিয়ে
ত্ৰিদিপ বৰা
গাগৰিটো লৈ ঝাওবনে বিন্ধা বাটেৰে গৈ
তাই কোনোবাখিনিত নোহোৱা হ’ল।
মই দুইমুণি শিলালৈ চাই হাত যোৰ কৰিলোঁ
ৰক্তজবা ফুলি লেৰেলি যোৱাৰ পৰত সিপাৰলৈ চাই পঠালোঁ
ৰঙা
তেজৰঙা
ফাকুৰঙা।
কচুপাতৰ তলত মোৰ টোমটো লুকুৱাই থ’লোঁ
তাই নৈ হৈ মোলৈ চাইছে
বেলি ডুবোঁতে ঘৰলৈ ঘূৰিলোঁ
বজাৰত মাছ
মই তিতাবাহক খাইছোঁ।
ঠিকনাঃ
নগাঁও
সহকাৰী অধ্যাপক, ৰহা মহাবিদ্যালয়
Doksiri দকচিৰি, জুন, ২০২৫


No comments:
Post a Comment