বন্দী শালৰ দুৱাৰ
অৱনী মিলি
কেতিয়াবা বিষাদ বোৰ
জীৱনৰ ইমান কাষ চাপি আহে
আতৰি যাবকে নোখোজে
লাগি ধৰে ভাল বন্ধুৰ দৰে।
দুখৰ স্মৃতি অতীতৰ
সুহুৰিয়াই গুচি যায়
প্ৰেমৰ দাবি যে বহুত
সুখে মোৰ ঘৰহেৰুৱাই কান্দে
কবিতাৰ আখৰে আখৰে।
পৰিয়ালহীন অকলশৰীয়া
দুখৰ দেৱাল ভাঙি চিৰদিনলৈ
ওলাই যাব নোৱাৰো মই
মোৰ মৰমবোৰ আছিল
বহু আশালৈ শকত শিকলিত
তলা-চাবিৰে বন্ধা।
মোৰ জীৱনৰ সংঙ্গী
চকুলোবোৰে এতিয়া
ধুৱাই দিয়ে মোৰ দুখ,
দুখবোৰ আঁতৰাই জীয়াই
থাকিম মৃত্যুৰ আগলৈ
যেনেকৈ নিয়ঁৰে ধুৱায়
গোলাপ ফুলক সন্ধ্যা।
Doksiri দকচিৰি, জুন, ২০২৫


No comments:
Post a Comment