উত্তৰ বিচাৰি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

উত্তৰ বিচাৰি

 


উত্তৰ বিচাৰি


                         জয় বৰা


হে হৰি! 

পৃথিৱীলৈ পথাইছিলা নেকি লভিবলৈ আনন্দ? 

এয়াটো তোমাৰ উদ্দেশ্য নহয়। 

এই পৃথিৱীত দেখিছো চোন 

চাৰিওফালে সংঘর্ষ। 

দেখিছো চোন এই পৃথিৱী

অন্ধকাৰে আবৃত্ত। 

জীৱ শ্ৰেষ্ঠ মনুষ্য 

হৈছে আজি পশুৰ তুল্য। 

এই পৃথিৱীত আজি দেখো 

সাধুজনে কৰা অসৎ কৰ্ম;

ধাৰ্মিক জনে কৰে অধৰ্ম;

শিক্ষিত জনে কৰে চোন অপকর্ম; 

এয়াই পৃথিৱীনেকি তোমাৰেই সৃষ্ট? 

সানিছো লাঞ্ছন আমি তোমাৰেই সৃষ্টিত;

এয়াই নয়হটো তোমাৰ ধ্বংস কৰাৰ চক্রান্ত !

টিক টিক কৈ বাগৰি যায়, 

ঘড়ীৰ সূক্ষ্ম দণ্ড। 

কৰিব পৰা নাই একো 

মই মহা মূৰ্খ। 

লৈছো পন মই 

কৰিম সংঘর্ষ জীৱনৰ

অন্তিম ক্ষণলৈ। 

মনত ৰাখিবা, 

ভিন্ন মই তোমাৰেই সৃষ্ট।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages