দীঘলীপুখুৰীৰ পাৰৰ এটি সন্ধ্যা
প্ৰৱীণ ৰাজবংশী
জাজৰি, মৰিগাঁও
কিনকিনীয়া বৰষুণ পৰি আছিল
নাছিল কোনো নিঃসঙ্গ পৰিবেশ
আছিল মাথোঁ নিভাঁজ বৰষুণ
জাকৰ শব্দৰ অনুভৱৰ ঝংকাৰ।
দীঘলীপুখুৰীৰ পাৰৰ এটি সন্ধ্যা
ৰোমাণ্টিক ৰোমাণ্টিক এক সতেজ
মাদকতাৰ পৰিবেশ নাছিল
আগৰ দৰে সেই সপোন বোলোৱা
ভাল লগাৰ পৰা ভাল পোৱাৰ
অলেখ কবিতাৰ মাদকতাৰে ভৰা
এক বুজাব নোৱাৰা শিহৰণ সন্ধ্যা।
দীঘলীপুখুৰীৰ সেই সময়
নিভাঁজ সতেজ পাৰ কৰা সময়
ক’ত বা হেৰালে নজনাকৈ নুবুজাকৈ
অনুভৱ আজি বিষাদৰ নিৰৱ গাথাঁ
শব্দৰ নাই আজি মিতিৰালি।
অনুভৱে আজি চকুলোৰে
মালা গাঠিছে নীৰৱে নিজানত
দীঘলপুখুৰীৰ পাৰৰ কোনোবা
এচুকত বঢ়ি নাই আজি সেই ৰং
নাই আজি সেই সঁচা মানৱতাৰ
স্মৃতিৰ হৈ ৰ’ব অনুভৱৰ শব্দ বোৰ
দীঘলপুখুৰীৰ পাৰৰ এটি সন্ধ্যা।
Doksiri দকচিৰি, জুন, ২০২৫


No comments:
Post a Comment