অচিন ভালপোৱা
ইৰা দেৱী
গাৱৈয়া, তেজপুৰ
মই দেখোঁ
প্ৰতিদিনে তোমাৰ সেই হাঁহি।
সদায় একেধৰণৰ,
কিন্তু মোৰ বাবে—বিশেষ।
তুমি ক’ৰবাত কোৱা কথা,
মই বুকুত জমাই ৰাখোঁ।
চকুত চকু পৰিলে
লাজ কৰো,
কিন্তু কেতিয়াও নকও...
হয়টো ভয়ত,
নহয়টো সংকোচত।
ভালপোৱা যে কেতিয়াবা,
বিষ হ’ব পাৰে
এই কথা কাহানিও বুজা নাযায়।
হয়টো তুমি নাজানা
আৰু কেতিয়াও নাজানিবা।
কিন্তু তথাপিও মই থাকিম...
তোমাৰ কল্পনাৰ এটা বাটত।
তুমি মোৰ কেতিয়াও নোহোৱা জানোঁ,
তথাপিও,
মই তোমাৰেই...
স্মৃতিৰ মুকলি পাতত,
এজন অন্ধ প্ৰেমিক।।
Doksiri দকচিৰি, জুন, ২০২৫


No comments:
Post a Comment