তুমি শিল্পী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

তুমি শিল্পী



 তুমি শিল্পী


                     মেৰী বৰদলৈ

                 ফুলগুৰি, নগাঁও


তুমি শিল্পী

যুগ যুগৰ বহু যুগৰ

যুগযুগান্তৰৰ


তোমাৰ যাদুকৰী 

সুবাসত আছে

এসাগৰ সেউজ প্লাৱন


তুমি শিল্পী

তোমাৰ কলমেৰে জন্ম হয়

যুগে যুগে 

নৱ নৱ প্ৰভাত

সৃষ্টিৰ হয়

এধাৰ শুকুলা ফুলৰ শুভ্ৰতা


তুমি শিল্পী

তোমাৰ বুকুত নিতৌ

আহযাহ

এজাক শান্তিৰ সমদল

যেন খোজত

সৰগী অপ্সৰা 


তুমি শিল্পী

তোমাতেই বিলীন হয়

মোৰ দিন প্ৰতিদিন

প্ৰতিদিনৰ দিনলিপি

গজি উঠে 

দুচকুত শতসহস্ৰৰ

অলেখ কবিতা


তুমি শিল্পী....


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages