সংগীতৰ তালে তালে
দীপ্তি ঠাকুৰ গোস্বামী
গীতিকাৰ সুৰকাৰ গায়কৰ
মধুৰ মিলনৰ
মিঠা সমলয়ত
এটি অপূর্ব গীতৰ সৃষ্টি
সুৰৰ লহৰত
সেউজীয়াৰ ফুলজোপাৰ
ফুলপাহৰ প্ৰস্ফুটিত ৰূপৰ
সৌন্দৰ্যৰ সুগন্ধি এছাটি মলয়া
সুৰৰ ঝংকাৰত
ৰিঝিম্ ৰিঝিম্কৈ নামি আহে
ডাৱৰৰ মাজে মাজে
পোহৰৰ বাটেৰে
আই ধৰিত্ৰীক
সোণালী কৰাৰ স্বপ্নত
গীতৰ শব্দধ্বনিত
পক্ষীয়েও গুঞ্জন তোলে
মধুৰ কণ্ঠেৰে
স্নিগ্ধ নিশা
আইতাৰ কোলাৰ
সাধু কথাবোৰো
সুৰৰ মূর্ছনাত
নিদ্রা দেৱীয়েও
আঁচল পাতি ধৰে
দেশপ্রেমমূলক গীতৰ মাজেই
দেশ সেৱাৰ কথাকেই
সোঁৱৰাই বাৰে বাৰে
কি মহান
ত্যাগৰ এখন মধুৰ চিত্র
ভক্তিমূলক
গীতৰ মাজেৰে
কৈ যায় তৰংগমালাৰ লহৰে লহৰে
জীৱন দহৰ বাবে
জীৱন কৰ্তব্যৰ বাবে
জীবন শান্তিৰ বাবে
গীতৰ ভাবার্থ
মিঠা অনুভব
ঐক্যতানত বাজি উঠে
মানৱতাৰ জয়গান
নিপীড়িতৰ চকুলো
শান্তি সম্প্রীতি
শোষণকাৰীৰ ধ্বংস
কত যে অবুজ ভাষা
গীত হ’ল
তাত্ত্বিক জ্ঞানৰ
স্নেহৰ বতৰাৰে
অনাবিল যাত্রা
হৃদয়ৰ ৰন্ধে ৰন্ধে বৈ থাকে
মিঠা স্মৃতিৰ সোঁৱৰণিৰ সুবাস হৈ
Doksiri দকচিৰি, জুন, ২০২৫


No comments:
Post a Comment