উজান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

উজান

 



উজান


                অমল দাৱ 

               বোকাখাত 


বৰখাংত এখাং 

সেই দিন  ঘূৰাই  পাবি জানো অ পু’মন কাই

নৈ-লৈ যাং বল 


বতৰৰ কথা দেখিছই

ৰজস্বলাৰ দিনলৈকে জেকজেকাই ধূৱাব - গা


মিৰি-সূঁতি, পথালি, কুঁহিয়াতলি, গৰ্ভা জান ফুটিব

থাউকতে উঠিব উজান


কঁহুৱাৰ লিহিৰি পতিয়া চুলি কঁপিলেই বুজিবি

তলে তলে

গুদগুদ গুদগুদাই দিবহি - জালত


পকা ৰঙালাউৰ শাক 

আহু বাও চাউলৰ ভাত


নেৰিবি নেৰিবি অ পু’মন কাই 

এমূকোৰা হ’বহে

ধাকেনশ্বৰীৰ হাতৰ জঃচাক


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages