বাঁহৰ বিচনী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

বাঁহৰ বিচনী

 

বাঁহৰ বিচনী


ৰমেন বৰা

গহপুৰ


    প্ৰকৃতিৰ নিয়ম অনুসৰি আগমন ঘটে গ্ৰীষ্ম ঋতুৰ। গ্ৰীষ্ম ঋতুৰ দিন মানে প্ৰখৰ ৰ’দ আৰু প্ৰচণ্ড গৰমৰ দিন। গৰমৰ পৰিত্ৰান পাবলৈ আমি ঠাণ্ডা বতাহ ল’বলৈ বাধ্য হও। বৰ্তমান সময়ত চিলিং ফেন, টেবুল ফেন, এয়াৰ কুলাৰ আৰু এয়াৰ কণ্ডিশ্যনাৰ ব্যৱহাৰ কৰি আমি আমাৰ দেহা শীতল কৰো। কিন্তু পুৰ্ৱতে গৰমৰ পৰা পৰিত্ৰান পোৱাৰ একমাত্ৰ সহজলভ্য আৰু খৰচ বিহীন উপাদান আছিল বাঁহ অথবা তামুলৰ ঢকুৱাৰ বিচনী। ফেন, এয়াৰ কুলাৰ আৰু এয়াৰ কণ্ডিশ্যনাৰ ব্যৱহাৰে বিচনীৰ ব্যৱহাৰ কম কৰিছে যদিও এতিয়াও বহুজনে বাঁহৰ বিচনিৰে বিচি শৰীৰ শীতল কৰা দেখা যায়। যাৰ ফলত সপ্তাহিক বজাৰ সমূহত আৰু অন্যন্য বিপনীত বাঁহৰ বিচনী বিক্ৰী কৰাৰ বাবে সজাই ৰখা আমি সকলোৱে দেখা পাওঁ। গৰমৰ দিনৰ আগমনৰ লগে লগে বাঁহৰ সামগ্ৰী বিক্ৰী কৰা বিপনী সমুহত দেখা পোৱা যায় বিভিন্ন আকাৰৰ বাঁহৰ বিচনি। চলিত বৰ্ষত এখন বাঁহৰ বিচনীৰ দৰ ৩০ ৰ পৰা ৩৫ টকালৈকে ধাৰ্য কৰিছে বিক্ৰেতা সকলে। এখন বাঁহৰ বিচনীৰ দাম ৩০/৩৫ টকা বুলি ক’লে সকলোৱে উচপ খাই উঠিব আৰু ক’ব ইমান বেচি  দাম নে? কিন্তু আমি যদি গভীৰ ভাবে ভাবি চাও তেন্তে উপলব্ধি কৰিব পাৰিম যে ৩০/৩৫ টকা দৰৰ বিচনিখন তৈয়াৰ কৰিবলৈ নিৰ্মাতা গৰাকী কিমান ঘন্টা পৰিশ্ৰম কৰিব লগা হয়। বাৰীৰ পৰা বাঁহ কাটি আনি, কাঠি কামি কৰি বিচনী এখন বোৱালৈকে এক দীঘল প্ৰচেষ্টা। কিন্তু তাৰ বিনিময়ত নিৰ্মাতা গৰাকীয়ে গ্ৰাহকক পোনপতিয়াকৈ বেচিলে লাভ কৰে ৩০ অথবা ৩৫ টকা। আনহাতে কোনো দোকানীক বিক্ৰী কৰিলে লাভ কৰে ২৫টকাৰ পৰা ৩০টকা। এজন ব্যক্তিয়ে দিনটোত ৪/৫খন বিচনি তৈয়াৰ কৰিব পাৰে। তাৰ বিনিময়ত তেওঁ লাভ কৰিব ১২৫ টকা পৰা ১৭৫ টকালৈকে। তাৰ বিপৰীতে দিন হাজিৰা কৰা এজন লোকে পুৱা ৯ বজাৰ পৰা বিয়লি ৪বজালৈকে কাম কৰি লাভ কৰে ৫০০টকা। গতিকে আপোনালোকে নিজেই চিন্তা কৰক বাঁহৰ সামগ্ৰী তৈয়াৰ কৰা লোকসকলে নিজৰ পৰিশ্ৰমৰ উচিত মূল্য লাভ কৰিছেনে? বাঁহৰ সামগ্ৰী তৈয়াৰ কৰোতে এজন ব্যক্তিয়ে কৰা শ্ৰমৰ উপযুক্ত মূল্য লাভ নকৰাৰ ফলতেই বহু সংখ্যকৰ বাঁহ শিল্পৰ প্ৰতি অনিহা আহি গৈছে। যিটো শুভ  লক্ষণ নহয়।


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages