তানি গোষ্ঠীৰ প্ৰব্ৰজনৰ চমু ইতিহাসঃ
কিঃলৃং কাংগৌৰ পৰা দয়িত পুঃমিলৈ
পদ্মেশ্বৰ নৰহ
ৰাংকপ, ধেমাজি
মংগোলীয় মূলৰ তানি গোষ্ঠীটোৰ প্ৰব্ৰজনৰ ইতিহাসৰ বাবে আঃবাং বা জনজাতীয় আখ্যানৰ ওপৰত অধ্যয়ন কৰিলে কিছু তথ্য পোৱা যায়। তানি গোষ্ঠীৰ আখ্যান অনুসৰি সৃষ্টি কৗঃয়ুম (ké:yum) অৰ্থাৎ ব্ৰহ্মাণ্ডৰ শূণ্য অৱস্থাৰ পৰা বিৱৰ্তন, বিকাশ, বিস্তাৰ যোগেদি সৃষ্টি প্ৰক্ৰিয়া আগবাঢ়িল। কৗঃয়ুমৰ পৰা য়ুমকা – কাঃচি–চিয়াং–আনব’–বমুক–মুকচেং–চেঃদৃ..
মহাজাগতিক শূণ্যক অৰ্থাৎ কৗঃয়ুম আৱৰিল মহা অন্ধকাৰ কুঁৱলীৰ মহাসাগৰ, দেৱতা সকলে তাত এটা স্বৰ্গ সৃষ্টি কৰিলে আৰু তাৰ নাম ৰখা হৈছিল কিঃলৃং কাংগৌ। তাত দৈৱিক পৰিয়ালে ৰাজ কৰিছিল।
সেই কিঃলৃং কাংগেত দৈৱিক পৰিয়ালৰ পাঁচটা প্ৰজন্মই শাসন কৰিছিল। তেওঁলোক আছিল–কাঃচি–চিয়াং–আনব’–বমুক–মুকচেং।
ষষ্ঠ প্ৰজন্মৰ চেঃদৃয়ে কিঃলৃং কাংগৌ ত্যাগ কৰি পৃথিৱীলৈ আহে। (Economic history of the miris or mishing people).
আখ্যান অনুসৰি তানি বা মিচিং সকলে কিঃলৃং কাংগৌৰ পৰা ৰেঃগৃ ৰৌঙামলৈ আহিছিল।
আখ্যানৰ তথ্য অনুসৰি ধাৰণা কৰিব পাৰি যে বৰফ যুগ( ice age) ৰ কালছোৱাত তানি গোষ্ঠীটো চাইবেৰিয়াৰ অঞ্চলত বসবাস কৰিছিল। যিহেতু পুৰাতাত্ত্বিক সকলৰ মতে মংগোলীয় প্ৰজাতিৰ জন্ম চাইবেৰিয়াত হৈছিল।
কিঃলৃং কাংগৌ শব্দটো বৰফ বুজোৱা প্ৰাচীন মিচিং শব্দ হয়। আজিওঁ মিচিং ভাষাত হিমশীতল বৰষুণ (freezing rain) ক ílíng tang বুলি কোৱা হয়। তিব্বতীয় ভাষাত বৰফ বুজাবলৈ khyags শব্দ প্ৰয়োগ হয় সম্ভৱতঃ kanggey ও অতি প্ৰাচীন কালত হিমক বুজোৱা হৈছিল, যেনে আদি ভাষাত kha - বৰফ বুজায় (mechuka)।
সেই চাইবেৰিয়াত এই যুগত মানৱ বসতিৰ বাবে ইমান অনুকূল নাছিল বাবে তাত মানৱ ব্যৱস্থা গঢ়ি উঠা নাছিল, সেইবাবে আখ্যানে কৈছে তাত অকল দেৱৰূপী প্ৰকৃতিৰহে শাসন আছিল। যেনে কাঃচি সম্ভৱতঃ ধোৱা কুঁৱলীৰ ৰাজ যিটো এই জেগাৰ এক স্বাভাৱিক অৱস্থা তাকে দেৱ জ্ঞান কৰিছিল প্ৰাচীন মানুহে। বিশ্বৰ আন মানৱ সভ্যতাতো একেটা তথ্যসূত্ৰ পাওঁ যেনে ঋগ্বেদত উশা (deity of dawn), নিশা (deity of night) ইয়াৰ পৰা অনুমান কৰা হয় যে ঋগ্বেদ সৃষ্টি কৰোঁতা মানৱ গোষ্ঠীওঁ এই দীঘলীয়া ৰাতিপুৱা হোৱা জেগাৰ পৰা আহিছিল অৰ্থাৎ উত্তৰ মেৰু অঞ্চলৰ য'ত দীঘলীয়া দিন ৰাতি হয়… বাল গংগাধৰ তিলকৰ (Arctic home of the Vedas)।
চিয়াং (God of river), আনব’, বমুক, মুকচেং সম্ভৱতঃ ডাৱৰ, মেঘৰ ভগৱান আছিল। যিবোৰ এই অঞ্চলৰ বৈশিষ্ট্য আছিল।
পৃথিৱীত বৰফ যুগ (ice age) শেষৰ কালছোৱাত ১১,৭০০ বছৰ পূৰ্বে চাইবেৰিয়াৰ আকাশ মেঘ ডাৱৰে আৱৰি ৰাখিছিল, গৰম বঢ়াৰ ফলত বৰফ গলি বাষ্পীভূত হোৱাত এই ঘটনা হৈছিল। সেই দীঘলীয়া আকাশ অন্ধকাৰছন্ন কৰি ৰখা মেঘ ডাৱৰৰ কালখণ্ডক মুকচেং ভগৱানৰ শাসন বুলি বিশ্বাস কৰা হৈছিল।
ইয়াৰ পিছত সেই জেগা বসতিৰ প্ৰতিকূল হোৱাত ইয়াক ত্যাগ কৰিল আৰু মংগোলীয় চীন ভূখণ্ডত পদাৰ্পণ কৰিল। য’ত এক নতুন পৃথিৱীৰ সৈতে চিনাকী হ’ল য’ত অনুকূল বতৰ বসোপযোগী জেগা চাৰিওঁফলে ফল মূল বা চিকাৰৰ সুবিধা।
সেই নতুন পৃথিৱীক চেঃদৃ আৰু অনুকূল বতৰৰ আকাশক মেঃলৌ দেৱ জ্ঞান কৰা হ’ল আৰু য’ৰ পৰা আৰম্ভ হ’ল মানৱ সৃষ্টিৰ নতুন ধাৰা। যিহেতু সেই নতুন ভূখণ্ড উৰ্বৰ, উৎপাদনশীল, ঐশ্বৰ্য্যশালী আছিল বাবে চেঃদৃ মেঃলৌক পুৰুষ– প্ৰকৃতি( purusha– prakriti) বুলি বিশ্বাস কৰা হৈছিল।
পিছৰ পৰ্য্যায়ত আন আন মানৱ গোষ্ঠীয়ে এক সংগঠিত সভ্য সমাজ গঢ়িবলৈ ধৰিল। যাক আখ্যানত ৰেঃগৃ ৰৗঙাম বুলি উল্লেখ কৰিছে, এইটো হয়তো হোৱাংহো, ইয়াংচিকিয়াং নদীৰ পাৰত গঢ়ি উঠা অতি প্ৰাচীন মানৱ সভ্যতা আছিল। ৰৗঙাম মানে সমাজ, অৰ্থাৎ ৰেঃগৃ ৰৌঙাম ভূস্বৰ্গ আছিল। এইটো হয়টো ৫০০০ খ্ৰীষ্টপূৰ্বৰ গ্ৰামীণ চীনা সভ্যতাৰ কথা হ’ব। তানি সমাজত সেই সমাজৰ কিছু দেৱ-দেৱী, ৰীতি নীতিৰ প্ৰভাৱ আহিল। যেনে আনেঃ চাংগা যিটো অতি প্ৰাচীন কালৰ চীনা সমাজত চন্দ্ৰ দেৱী ( goddess of moon) আছিল যাক chang'e (চাংগে/চাংঅৗ) বুলি চীনা সংস্কৃতিত মতা হৈছিল। Change' যিহেতু চন্দ্ৰ আছিল আৰু তাক মাতৃ জ্ঞান কৰা হৈছিল বাবে আনেঃ চাংগা বুলি মিচিং ত প্ৰচলিত হ’ল (ৰাতি সকাম নিকাম সংস্কৃতিৰ লগত জড়িত)। দঃঞি পঃলঃ ধৰ্ম দৰ্শনৰ বিকাশ পিছৰ পৰ্য্যায়তহে হৈছিল।
এটা সময়ত সেই জেগাত আকাল সৃষ্টি হৈছিল বাবে খাদ্যৰ অভাৱ হৈছিল। সেইবাবে তানি গোষ্ঠী অলপ আগবাঢ়ি আহিল তিব্বতমূৱা হৈ কৈলাস অভিমুখী হ’ল। সেই সময়ৰ সিন্ধু সভ্যতাৰ কথা বিশ্বৰ আন আন ঠাইতো খ্যাতি আছিল। কৈলাস প্ৰাচীন কালত ধৰ্ম, দৰ্শন, জ্ঞান সভ্যতাৰ এক কেন্দ্ৰ আছিল। সেই কৈলাস হিন্দু, বৌদ্ধ, জৈন, বন আদি সকলোৰে বাবে পবিত্ৰ ঠাই আছিল।
সেই কৈলাস কেন্দ্ৰীক ধৰ্মীয় দৰ্শনত হিন্দুৰ ভগৱান শংকৰ, বন (প্ৰাচীন তিব্বত ধৰ্ম) ৰ ছেনলা অকা আদি জড়িত।
কা/কৰ/ক যুক্ত দৈৱিক নাম কৈলাসৰ লগত জড়িত যেনে শংকৰ, ওঁমকাৰ (হিন্দু), ছেনলা অকা/ শিৱা অকা (বন), তীৰ্থংকৰ (জৈন) tanhankara ,dipamkara(বৌদ্ধ ), এক অংকৰ (শিখ) ।
ঠিক সেইদৰে আক'ছিন/ আক'ছিননাংকা দেৱতা কৈলাস অঞ্চলত উপস্থিত হোৱাৰ পাছত মিচিং সংস্কৃতিত প্ৰৱেশ কৰিল।
আক'ছিননাংকা তিব্বতীয় বন ধৰ্মৰ ছেনলা অকা'ই আছিল, অকা' ছেনলা – আক'ছিনলাংকা – আক'ছিননাংকা ।
আখ্যান অনুসৰি আবুতানিয়ে কঃজে পাঃতাং পাৰ হৈ কঃজে য়াংগৰ পৰা শস্যৰ বীজ আনোতে আক'ছিননাংকাক স্মৰণ কৰিছিল। (এই কালখণ্ড ২৫০০ খ্ৰীষ্টপূৰ্বৰ সমসাময়িক হ’ব)।
সিন্ধু সভ্যতাৰ ছীলত পোৱা এক শিংধাৰী ষাঁড় গৰু ৰুপী (ইউনিকৰ্ণ) জন্তুটো তেওঁলোকৰ ধৰ্মীয় ৰীতি নীতিৰ লগত জড়িত আছিল। সেই লোকৰ পৰাই অনুপ্ৰানিত হৈ আদি সমাজত ধৰ্মীয় উৎসৱত éso (মেথোনৰ) ৰ ব্যৱহাৰ আহিল বুলি ক’ব পাৰি। আচলতে éso – a:ré (শিং)+ aso (এডাল)। সিন্ধু সভ্যতাৰ সেই এক শিংযুক্ত জন্তু।
পিছৰ কালত এই জন্তু বিলুপ্ত হ’ল ফলত একে বৈশিষ্ট্য যুক্ত মেথোনক éso ৰ নাম ৰাখি পৰম্পৰাগত ৰীতি-নীতি অব্যাহত ৰাখিল। পিছত Éso – so:bo শব্দৰো বিকাশ হ’ল।
পিছৰ পৰ্য্যায়ত পুনৰ পূৰ্বৰ নিজৰ দেশ ৰেঃগৃ ৰৌঙামৰ দিশে আগবাঢ়িল কিন্তু ইতিহাসৰ বিভিন্ন কালখণ্ডৰ ভিন্ন প্ৰভাৱৰ ফলত এওঁলোক তিব্বত হৈ য়াৰলুং যাংপ’ ৰ দিশে দিশে আহি আবৰ পাহাৰত উপস্থিত হয়হি, তেওঁলোকে সেই ভূখণ্ডক পূৰ্বৰ ৰেঃগৃ ৰৌঙাম বুলিয়ে জ্ঞান কৰিছিল। এইকাৰণে আবৰ পাহাৰৰ পুৰণি নাম ৰেঃগৃ ৰৌঙামে আছিল যাক গ্ৰীক দাৰ্শনিক, ইতিহাসবিদ তথা ভূগোলবিদ ট’লেমি (৮৫–১৬৫ খ্ৰীষ্টাব্দ) ৰ জিঅ’গ্ৰাপীত ৰেগিং বুলি উল্লেখ কৰিছে। প্ৰব্ৰজনৰ ক্ৰমত কাৰ্ক’ – চিমং, পেগু চেলেক, আগচা চেলেক, দয়িত পুঃমি (বৰ্তমানৰ শদিয়াৰ কাষত) ত উপস্থিত হয়।।
উৎসঃ ইন্টাৰনেটৰ পৰা কিছু তথ্য সংগ্ৰহ কৰা হৈছে
Doksiri দকচিৰি, জুন, ২০২৫
No comments:
Post a Comment