অৰণ্য মানৱ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, June 1, 2025

অৰণ্য মানৱ

 


অৰণ্য মানৱ


                        শকুন্তলা দেৱী হাজৰিকা

                                    ৰত্নপুৰ, নগাঁও


তেওঁ ভাবিছিল

তেওঁ বুজিছিল

লুইতৰ চাপৰিত গছপুলি ৰুলেই

এখন অৰণ্য হ’ব,

মাছখোৱা চৰাইবোৰে জিৰণি ল’ব

এইয়াই  আছিল তেওঁৰ প্ৰত্যয়

গভীৰ আত্মবিশ্বাস,


তীব্ৰ উষ্ণতাত জঠৰ হোৱা জীৱকুলৰ দৃশ্যই

তেওঁৰ চকুৰ বন্যা বোৱালে,

নিৰলস প্ৰচেষ্টাত

উদং চাপৰিত সৃষ্টি হ’ল এখনি অৰণ্য,

বিশ্ববিখ্যাত ‘মুলাই কাঠনি’

বিভিন্ন প্ৰজাতিৰ উদ্ভিদেৰে পৰিপূৰ্ণ

বনৰীয়া জীৱকুলৰ বিচৰণথলী,

তেওঁৱেই  ‘অৰণ্য মানৱ’ ৰূপে খ্যাত

পদ্মশ্ৰী বিভূষিত যাদৱ পায়েং,

সেউজীয়া আৰু প্ৰকৃতিৰ সৈতে 

আত্মিক সম্পৰ্ক গঢ়ি তোলা

এজন অসাধাৰণ ব্যক্তি,

প্ৰতিগৰাকী প্ৰকৃতিপ্ৰেমীৰ

তেওঁ আদৰ্শ হওঁক,

আহক, তেওঁৰ খোজতেই খোজ মিলাই

আমিও সেউজীয়া বিছাৰি যাওঁ….!!!  


Doksiri দকচিৰি, জুন, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages