ৰ’দঘাই মানুহৰ ছাঁ
প্ৰতীক্ষা শৰ্মা
কটন বিশ্ববিদ্যালয়
শব্দৰ পাকৰিত আজি ৰ'দঘাই মানুহজন ঘূৰি আছে,
তেখেতৰ চকুত আজি নিৰাসক্ত চাৱনি।
মন পথাৰৰ শস্য চপোৱা মানুমজনক ৰদে এফালৰ পৰা গিলিছে,
প্ৰথমে তেজগোৰা মুখখনি অন্তত ৰাজহাড়ডাল, যাৰ ভৰত তেওঁৰ কায়াই পাই আছে স্থিৰতা।
আজি শস্য ও নাই পথাৰ ও নাই, তথাপি তথাপি ৰ'দঘাই মানুহজনে কাম কৰিব লৈছে,
হ’ব তেওঁৰ ছাঁতে জিৰণি লওকচোন কোনোবা ক্লান্ত পথিক;
ঠন ধৰি উঠক এবিঘা মৰহা খেতি,
প্ৰাণ পাই উঠক এমোকোৰা হাঁহি, যি হাঁহিয়ে তেওঁৰ ভাগৰ দূৰ কৰিব।।
শস্যৰ আধি লৈ হ’লেও তেওঁ মন পথাৰত খেতি কৰিব, কাৰণ
তেওঁ যে ৰ’দঘাই মানুহ, তেওঁৰ ছাঁতে মানুহে জিৰণি ল’ব।।
Doksiri দকচিৰি, জুন, ২০২৫


No comments:
Post a Comment