আই
চাহিদুল আলম চৌধুৰী
মুকালমুৱা, নলবাৰী
মৰমৰ আই জগৎ জননী
তুমিয়েই মোৰ প্ৰাণ,
তোমাৰ কোলাতে লভিলো জনম
নিচিন্তো যে মই আন।
তুমিয়েই মোৰ হিয়াৰ দাপোণ
তোমাতেই পাওঁ সুখ,
তোমাৰ স্নেহত লালিত-পালিত
নাপাওঁ অকণো দুখ।
তোমাৰ দেহৰ সৰ্ব শকতিয়ে
আমাক সুৰক্ষা কৰে,
তোমাৰ গুণত নাই কৃত্ৰিমতা
সোণত সুৱগা চৰে।
তোমাৰ মাতত অমৃত বৰষে
শুনিবলৈ মোহনীয়া,
তোমাৰ হাঁহিত দেহ শাঁত পৰে
মনো হয় উৰণীয়া।
মৰমৰ আই মহিমামণ্ডিত
ভগৱানৰেই দান,
তোমাৰ ৰূপৰ নাই যে তুলনা
কৰোঁ আমি সসন্মান।
Doksiri দকচিৰি, জুন, ২০২৫


No comments:
Post a Comment